এইছ.আই.ভি/এইডছ ৰোগীৰ আইনী সূৰক্ষা
অসম চৰকাৰৰ পৰিসংখ্যা অনুযায়ী বৰ্তমান ন হাজাৰৰ অধিক
সংখ্যক এইছ.আই.ভি/এইডছৰ
দ্বাৰা সংক্ৰমিত ৰোগী অসমত চিনাক্ত কৰা হৈছে । যাৰ ভিতৰত কামৰুপ মহানগৰ জিলাত ৩৫৭০
জন (সৰ্বাধিক), কাছাৰ জিলাত ১৮৬৬ জন, ডিব্ৰুগড় জিলাত ৬৩০ জন, নগাওঁ জিলাত ৪১৮ জন
আৰু গোলাঘাট জিলাত ৩০৪ জন । ইয়াৰ উপৰিও অসমৰ অন্যান্য জিলাবোৰত এই পৰিসংখ্যাতকৈ
কম চিনাক্ত কৰা হৈছে । বিশ্বৰ বহুসংখ্যক দেশতে এই এই.ছআই.ভি/এইডছৰ দ্বাৰা আক্ৰান্ত
ৰোগীবোৰক শাৰীৰিক বিকলাংগতাৰ সা-সূবিধা বিলাক প্ৰদান কৰিছে । যদিও ভাৰতবৰ্ষত
বিকলাংগৰ অধিনিয়ম ১৯৯৫ ৰ অন্তৰ্ভূক্ত কৰা হোৱা নাই তথাপি দেশৰ আইন ব্যাবস্থাৰ
অন্তৰ্গত বহুতো সা-সুবিধাৰ দ্বাৰা এই আক্ৰান্ত ব্যাক্তিবোৰক সুৰক্ষা দিয়াৰ চেষ্টা
কৰা হৈছে । ভাৰতীয় সংবিধানৰ নিৰ্দেশক নীতি বহুতো স্বাস্থ্য সম্পৰ্কীয় আঁচনী
প্ৰস্তুত কৰাত সহায়ক হয় । এই নিৰ্দেশক নীতি মতে জনস্বাস্থ্য উন্নতিকৰন দেশৰ দেশৰ
মূখ্য উদ্দেশ্য হোৱা উচিত আৰু ই সামাজিক ক্ৰমক সূচায়, যাৰ দ্বাৰা দেশৰ ন্যায়িক,
ৰাজনৈতিক,সামাজিক, অৰ্থনৈতিক ব্যাৱস্থা ৰাষ্ট্ৰীয় জনজীৱনৰ অংশ হৈ পৰে । এই
সাংবিধানিক সুবিধাবোৰৰ দ্বাৰাই সংক্ৰামক ৰোগত ভূগি থকা লোকসকলক সাধাৰন জীৱন যাপনত
বাধাৰ সৃস্টি নোহোৱাকৈ সূৰক্ষিত কৰি ৰাখে । এই সূৰক্ষাৰ ভিত্তিতে ৰোগীক চিকিতসা বা
সূলভ চিকিতসা প্ৰদান কৰা, কৰ্মসংস্থাপন দিয়া ,পুনঃ সংস্থাপিত কৰা
লগতে ৰোগৰ সংক্ৰমন ৰোধ কৰা ইত্যাদি দায়িত্ব চৰকাৰে বহন কৰে । উদাহৰন স্বৰুপে যদি
কোনো ৰোগী চৰকাৰী চিকিতসালয়ত ৰক্ত সঞ্চাৰনৰ (Blood Transfusion) ৰ সময়ত এই.ছআই.ভি ৰোগ
সংক্ৰমিত হয় তেন্তে চৰকাৰে ৰোগীজনৰ ক্ষতিপুৰন দিবলগীয়া হয় ।
ৰোগী পৃথকীকৰন
ৰোগী পৃথকীকৰনৰ দ্বাৰা ৰোগ সংক্ৰমন
ৰোধ কৰিবলৈ সাধাৰন ৰোগী বা আন মানুহৰ লগত সচৰাচৰ মিলামিচা নকৰাকৈ সূকীয়াকৈ থকাতোকে
সূচায় । এই ক্ষেত্ৰত গোৱা জনস্বাস্থ্য অধিনিয়ম ১৯৮৭ৰ ধাৰা ৫৩(১)(৭) দ্বাৰা
চিকিতসালয়ক এইছ.আই.ভি/এইডছ ৰোগী পৃথকীকৰনৰ ক্ষমতা প্ৰদান কৰে । একে সময়তে এই ধৰনৰ
পৃথকীকৰনৰ বিপক্ষে লুচি ডিচুজাই ষ্টেট অফ গোৱাৰ বিৰুদ্ধে গোছৰ তৰিছিল । গোছৰ মৰ্মে
পৃথকীকৰনে ৰোগীৰ জীয়াই থকাৰ অধিকাৰ তথা প্ৰাকৃতিক ন্যায়ক (Natural
Justice) খৰ্ব কৰিছে
।গোছৰটো সম্পৰ্কে ন্যায়ালয়ে ৰায় দিছিল যে – পৃথকীকৰনে ব্যক্তিগত স্বাধীনতাৰ খৰ্বক
সূচায় যদিও ব্যক্তিগত সুবিধাৰ অধিকাৰতকৈ সামাজিক সুৰক্ষাৰ অধিকাৰ অধিক
গুৰুত্তপূৰ্ণ। লগতে ৰোগ সংক্ৰমন প্ৰতিৰোধ চৰকাৰৰ এক গুৰুত্তপূৰ্ন দায়িত্ব আৰু ইয়াৰ
লগত এই ধৰনৰ প্ৰাকৃতিক ন্যায়ৰ সূৰক্ষা দিয়াতো সমভৱপৰ নহয়। গতিকে ৰোগীক
সম্পূৰ্নৰুপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰি সংক্ৰমন প্ৰতিৰোধৰ বাবে যথোচিত
ব্যাৱস্থা চৰকাৰে গ্ৰহন কৰিব পাৰে । ইয়াৰ উপৰিও পৃথকিকৰনে ৰোগীক বাহিৰ ওলাই অহাত
বাধা দিয়ে আৰু যথোপযুক্ত চিকিতসা লোৱাৰ পৰা বিৰত ৰাখিবও পাৰে । গতিকে কিদৰে
চিকিতসাও কৰিব পাৰি আৰু সংক্ৰমনও ৰোধ কৰিব পাৰি ই সম্পূৰ্ণৰুপে নিৰ্ভৰ কৰে
চিকিতসকৰ ওপৰত ।
ব্লাড বেংক :
তেজ হ’ল এইছ.আই.ভি/এইডছ
সংক্ৰমনৰ গুৰুত্তপূৰ্ণ মাধ্যম । ড্ৰাগ এন্ড কছমেটিক এক্ট ১৯৪০ ৰ মতে সংগ্ৰহ, সংৰক্ষন আৰু চাপ্লাইৰ ক্ষেত্ৰত তেজক
দৰৱ হিচাপে আখ্যা দিয়া হৈছে । গতিকে তেজ সংগ্ৰহ, সংৰক্ষন তথা চাপ্লাই কৰোতে আইনগত
সকলোবোৰ দিশ নিৰ্দেশনা পালন কৰাতো
নিত্যান্ত প্ৰয়োজনীয় । ব্লাড বেংক পৰিচালনৰ বাবে উচ্চতম ন্যয়ালয়ৰ কিছুমান
নিৰ্দেশনা আছে যিবোৰ অনুকৰন কৰাটোও বাধ্যতামুলক । এই ধৰনৰ আইন-নিৰ্দেশনা আদিৰ
দ্বাৰাই চিকিতসা ব্যাৱস্থাত সজাগতা আনি সংক্ৰামক ৰোগৰ বিস্তৃতি প্ৰতিৰোধ কৰা হয়
। তাৰোপৰি ইয়াৰ বাবে জনসাধাৰনৰ স্বাস্থ্য
আৰু সংক্ৰামক ৰোগৰ প্ৰতি সজাগতাৰও খুবেই প্ৰয়োজন হয় ।
এসময়ত এইডছৰ দ্বাৰা আক্ৰান্ত
ৰোগী এজনৰ মৃত্যুৰ পিছত তেওৰ ২১ বছৰীয়া পত্নী আৰু জীয়েকক ঘৰৰ মানুহে খেদি পঠিওৱাৰ
পিছত মহিলাগৰাকী মাকৰ ঘৰলৈ গুছি যায় আৰু ফলত মাকৰ পৰিয়ালৰ মানুহও ৰোগত আক্ৰান্ত হয়
। তেওৰ শাৰীৰিক অৱস্থা যথেষ্ঠ বেয়াৰ ফালে ধাল খোৱা বাবে তেওক গুৱাহাটী চিকিতসা
মহাবিদ্যালয় চিকিতসালয়ত ভৰ্তি কৰা হয় । তাৰ পিছত তেওক ইনফেকছিয়াছ ডিজিজ হস্পিতাললৈ
পঠিওৱা হয় আৰু তাত পৃথক কক্ষত ৰখা হৈছিল । হস্পিতালৰ পৰা ডিছাৰ্জৰ পিছত তেওৰ মাকৰ
ঘৰ আৰু শহুৰেকৰ ঘৰ কোনোৱে গ্ৰহন কৰা নাছিল তথা যাবলৈ তেওৰ কোনো অন্য ঠাইও নাছিল ।
এনেকুৱা অৱস্থাতো তেও ন্যায় বিচাৰি পাব্লিক ইন্টাৰেস্ট লিটিগেছ্যনৰ জৰিয়তে
ন্যায়ালয়ত গোছৰ তৰিছিল । এই গোছৰৰ দ্বাৰা তেও সকলোবোৰ হস্পিতালতে কোনো ভেদভাৱ
নোহোৱাকৈ এইছ.আই.ভি/এইডছৰ চিকিতসা উপলব্ধ কৰা, অনুজ্ঞাপত্ৰ আৰু নিৰ্দিষ্ট
নিয়ন্ত্ৰন অৱিহনে ব্লাড বেংক চলাৱ নোৱাৰা তথা সকলোবোৰ চিকিতসালয়তে কাউন্সিলিংৰ
ব্যাৱস্থা কৰাব বিছাৰিছিল । এই গোছৰ মৰ্মে ন্যয়ালয়ে নিৰ্দেশ দিয়ে যে ৰাজ্যৰ
সকলোবোৰ চিকিতসালয়ত নেচনেল এইডছ কন্ট্ৰল চেলৰ (NACO)দ্বাৰা জাৰি কৰা
নিৰ্দেশাৱলী পালন কৰাটো অপৰিহাৰ্য্য । বিশ্ব স্বাস্থ্য
সংস্থা (WHO)ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশাৱলী অনুযায়ী ব্লাড বেংকৰ অনুজ্ঞাপত্ৰ আৰু
বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৰ দ্বাৰা দিয়া আদেশ মৰ্মে তেজ সংগ্ৰহ কৰোতে
এই বিষয়ত জড়িত সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰাতো অনিবাৰ্য্য । এইছ.আই.ভি/এইডছৰ
দ্বাৰা আক্ৰান্ত ৰোগীবোৰক কোনো চিকিতসালয়ে চিকিতসা প্ৰদানৰ পৰা বিৰত থাকিব নোৱাৰে
। যদি কোনো ধৰনৰ অৱহেলা জনিত কেছ পৰিলক্ষিত হয় তেন্তে ইয়াক সাংবধানিক আৰু টৰ্ট (CIVIL
WRONG)আইনৰ ভিতৰত
গোছৰ তৰা হয় ।
এম. বিজয়া বনাম চেয়াৰমেন এন্ড
মেনেজং ডাইৰেক্টৰ, চিংগাৰেনী বালীয়েৰিছ কোম্পানী লিমিটেড কেছৰ সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশ
উচ্চন্যায়ালয়ৰ আদেশমৰ্মে সংগ্ৰহ কৰিবলগীয়া তেজ সংক্ৰমিত হয় নে নহয় নিৰ্ধাৰিত কৰাতো
চিকিতসালয়ৰ কৰ্তব্য তথা চিিকতসালয়ত এই সূবিধাৰ অনুপলব্ধতা কোনো ধৰনৰ ৰেহাই হব
নোৱাৰে । লগতে এই কেছৰ সন্দৰ্তভ এইছ.আই.ভি/এইডছৰ সংক্ৰমন ৰোধ
কৰিবলৈ বহুতো নিৰ্দেশাৱলী প্ৰদান কৰে ।
গোপনীয়তা আৰু বিবাহৰ
অধিকাৰঃ
জনৈক নামৰ ব্যক্তি এজন যেতিয়া এইছ.আই.ভিৰ দ্বাৰা আক্ৰান্ত বুলি চিকিতসালয়ে
প্ৰতিপন্ন কৰাৰ পিছত ব্যাক্তিজনৰ বিয়া পাতিবলগীয়া মহিলা গৰাকীক জনাইছিল তেতিয়া
তেওঁৰ বিবাহ নাকচ কৰা হৈছিল আৰু তেওক সমাজৰ পৰাও বহিস্কাৰ কৰা হৈছিল । ফলত
ব্যাক্তিগৰাকীয়ে ন্যায় বিছাৰি ন্যায়ালয়ৰ কাষ চাপিছিল । এই গোছৰটোৰ দ্বাৰা ন্যায়ৰ
দুটা দিশ মুখা-মুখি হয় । এটা হল ৰোগীৰ গোপনীয়তাৰ অধিকাৰ আৰু আনটো মহিলাগৰাকীৰ
স্বাস্থ্য সূৰক্ষাৰ অধিকাৰ ।
এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে
আদেশ দিছিল যে ৰোগী আৰু চিকিতসকৰ বিশ্বাস আৰু গোপনীয়তা অক্ষুন্ন থাকিব লাগে । চিকিতসা
বিষয়ৰ কোনোধৰনৰ গোপনীয় কথাই চিকিতসকে ৰোগীৰ পূৰ্বসন্মতি অবিহনে সাৰ্বজনিন কৰিব
নোৱাৰে। এইছ.আই.ভি/এইডছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সম্পূৰ্ণভাৱে সাধাৰন জীৱন জীয়াই
থকাৰ অধিকাৰ আছে যদিও আনৰ জীৱনৰ ক্ষতি সাধন কৰাৰ অধিকাৰ নাই । উচ্চতম ন্যায়ালয়ে কয়
যে যেতিয়া এটা অধিকাৰে আনটো অধিকাৰক খৰ্ব কৰে তেতিয়া ব্যাক্তিগত অধিকাৰতকৈ
মানবীয়তা জড়িত আৰু জনহিতৈষী অধিকাৰকহে বেছি প্ৰধান্য দিয়া হয় । কোনো ব্যাক্তিয়ে এইছ.আই.ভি/এইডছৰ
সংক্ৰমন কৰিলে আনৰ জীয়াই থকাৰ অধিকাৰ ভংগ কৰাৰ বাবেই কেৱল অভিযুক্তই নহয়, ই ভাৰতীয়
দন্ডবিধি আইনৰ ধাৰা ২৬৯ আৰু ২৭০ ৰ অধীনত অভিযুক্ত হোৱা বাবে শাস্তিবিধানও আছে ।
যদি কোনো ধৰনৰ সংক্ৰামক ৰোগ জ্ঞাতে বা অজ্ঞাতে বিয়পায় অথবা আইনবিৰুদ্ধ ভাৱে
এনেকুৱা কৰ্ম কৰে যিবোৰ আন ব্যক্তিৰ জীৱনৰ বাবে ক্ষতিকাৰক হয় তেনে ক্ষেত্ৰত ছয়মাহ
কাৰাবাস অথবা দন্ড অথবা দুয়োবিধ বিহা ব্যাৱস্থা ধাৰা ২৬৯ৰ অধিনত আছে । যিবোৰ
ব্যাক্তিয়ে ইনফেকছিয়াছ ৰোগ সংক্ৰমন কৰে আৰু তাৰ বাবে আন ব্যক্তি বিপদৰ সন্মুখিন হয়
তেনেক্ষেত্ৰত দুবছৰৰ বাবে কাৰাবাস অথবা দন্ড অথবা দুয়োবিধ বিহাৰ ব্যাৱস্থা ধাৰা
২৭০ ত উল্লেখ আছে ।
ডা.টকুংঘা য়েপথোমি বনাম এপোলো
হস্পিতাল আৰু অন্যান্যৰ কেছটোৰ ক্ষেত্ৰত ন্যায়ালয়ে ৰায় দিছিল যে এইছ.আই.ভি/এইডছ
ৰোগৰ দ্বাৰা আক্ৰান্ত খবৰটো তেও বিয়া পাতিবলগীয়া মহিলাগৰাকীক সময়ত জনাই
মহিলাগৰাকীক সংক্ৰমনৰ পৰা ৰক্ষা কৰা হৈছিল গতিকে এই ক্ষেত্ৰত গোপনীয়তাৰ অধিকাৰ ভংগ
হোৱা বুলি আখ্যা দিব নোৱাৰি কাৰণ ইয়াৰ লগত মহিলাগৰাকীৰ জীৱন ৰক্ষাৰ কথাও জড়িত হৈ
আছে ।
চৰকাৰী চাকৰিৰ
ক্ষেত্ৰত ভেদভাৱঃ
ভাৰতীয় জনৈক বনাম চেয়াৰমেন, ষ্টেট লেভেল পুলিচ ভৰ্তি বোৰ্ড আৰু অন্যান্যৰ
কেছটোত পৰিলক্ষিত হৈছে যে, সংশোধিত অন্ধ্ৰপ্ৰদেশ পুলিচ মেনুৱেল অনুযায়ী এইছ.আই.ভি
ৰোগাক্ৰান্ত ব্যাক্তিক চৰকাৰী চাকৰিত ভৰ্তি কৰিব নোৱাৰাতো অসাংবিধানিক । এই কেছটোত
গোছৰ কৰ্তাই পুলিচ বিভাগৰ চাব-ইন্সপেক্টৰ পদৰ বাবে ভৰ্তি প্ৰক্ৰিয়াত ৫ কলোমিটাৰ
দৌৰ ২৫ মিনিট সময়ত সম্পুৰ্ণ কৰিছিল আৰু লগতে লিখিত পৰীক্ষাতও উত্তীৰ্ণ হৈছিল । প্ৰক্ৰিয়াত
যেতিয়া মেডিকেল পৰীক্ষা কৰা হয় তেতিয়া জনা গৈছিল যে তেও এইছ.আই.ভি ৰ দ্বাৰা
আক্ৰান্ত । সেই বাবে অৱশেষত তেওক নিযুক্তি দিয়া নাছিল । কেছটোত অন্ধ্ৰপ্ৰদেশ উচ্চন্যায়ালয়ে ৰায় দিছিল যে যদি এইছ.আই.ভিৰ দ্বাৰা
সংক্ৰমিত ব্যাক্তি নিজৰ চাকৰিৰ কৰ্তব্য কৰিবলৈ সক্ষম আৰু তেওৰ ৰোগ লক্ষনবিহীন হয়
তেন্তে তেওক চাকৰিত নিযুক্তি দিব পাৰে কিন্ত তেও কাৰ্য্যৰত অৱস্থাত অন্য কোনো লোকক
সংক্ৰমন কৰিব নোৱাৰিব । এই ৰোগৰ অন্তিম অৱস্থা এইডছৰ ক্ষেত্ৰতহে তেওক অক্ষম বুলি
ঘোষনা কৰিব পাৰে আৰু চাকৰি ভৰ্তিৰ বাবেও অক্ষম বুলিব পাৰি ।
এইছ.আই.ভি/এইডছ আক্ৰান্ত
ব্যাক্তিৰ জীৱন বিমাঃ
ভাৰতবৰ্ষত ২০১৪ চনৰ
আগতে এইছ.আই.ভিৰ
দ্বাৰা আক্ৰান্ত ব্যাক্তিৰ বাবে জীৱন বিমা সহজলভ্য নাছিল কিন্তু ইনচ্যুৰেঞ্চ
ৰেগুলেটোৰি এন্ড ডেভেলপমেন্ট অথৰিটিৰ নতুন নিৰ্দেশাৱলী অনুযায়ী এনেকুৱা ব্যাক্তিৰ
কিছুমান নিৰ্দিষ্ট পদ্ধতিৰে জীৱন বিমা কৰিব পৰা হল । যদি কোনো ব্যাক্তি
ইনচ্যুৰেঞ্চ পলিচি লোৱাৰ সময়ত এইছ.আই.ভিৰ দ্বাৰা আক্ৰান্ত হয় অথবা পৰীক্ষা কৰি গম
পায় তেন্তে পলিচি নাকচ অথবা কোনো ধৰনৰ আইনগত দাবী (Claim) নাকচ কৰিব নোৱাৰে । এইছ.আই.ভি/এইডছ
আক্ৰান্ত ব্যক্তিৰ কাৰনে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে জীবন বীমা কৰিছিল চেন্নাইৰ
ষ্টাৰ হেল্থ এন্ড এলাইড ইনচ্যুৰেঞ্চ নামৰ কোম্পানীয়ে ২০১০ চনত । এইছ.আই.ভি/এইডছ
আক্ৰান্ত ব্যক্তিৰ বাবে জীৱন বিমা আগবঢ়োৱাটো এক প্ৰকাৰৰ সমাজ সেৱা আৰু ই প্ৰকৃততে
প্ৰমান কৰে যে এনেকুৱা ব্যাক্তিয়েও সাধাৰন ভাৱে জীৱন যাপন কৰিব পাৰে ।
ৰাও চাহেব মহাদেও গায়কৱড বনাম লাইফ
ইনচ্যুৰেঞ্চ কৰপোৰেচন অফ ইন্ডিয়া কেছটো এইছ.আই.ভি/এইডছত আক্ৰান্ত হৈ মৃত্যু হোৱা
মানুহ এজনৰ ভায়েকে তৰিছিল। কেছটোৰ কাৰন আছিল লাইফ ইনচ্যুৰেঞ্চ কৰপোৰেচন অফ
ইন্ডিয়াই পলিচি থকা মানুহজনৰ এইডছৰ দ্বাৰা মৃত্যু হোৱা বাবে পাবলগীয়া টকা আদায়
দিবলৈ অনিচ্ছুক আছিল আৰু যুক্তি দিছিল যে তেও এইছ.আই.ভি/এইডছৰ দ্বাৰা আক্ৰান্ত
আছিল বুলি পলিচি লোৱাৰ আগতেই কিন্তু লাইফ ইনচ্যুৰেঞ্চ কৰপোৰেচন অফ ইন্ডিয়াক জনোৱা
নাছিল বা লুকুৱাই ৰাখিছিল । এই বিষয়ে উচ্চন্যায়ালয়ে কৈছিল যে পলিচি লোৱা মানুহজন
এই বিষয়ে সম্পূৰ্ণৰুপে জ্ঞাত বুলি লাইফ ইনচ্যুৰেঞ্চ কৰপোৰেচন অফ ইন্ডিয়াই উল্লেখ কৰা
নাই আৰু গোছৰকৰ্তাক পাবলগীয়া টকা পৰিশোধ কৰিবলৈ আদেশ দিয়ে ।
২০১১ চনৰ পৰিসংখ্যা অনুযায়ী ভাৰতবৰ্ষত ২.০৯
মিলিঅন মানুহ এইছ.আই.ভি/এইডছৰ দ্বাৰা
আক্ৰান্ত । তাৰ ভিতৰত ৭ শতাংশ ১৫ বছৰ বয়সৰ তলৰ, ১৫ ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ৮৬ শতাংশ ।
কেৱল মাত্ৰ এইছ.আই.ভি/এইডছয়ে যে সমাজৰ বাবে ক্ষতিকাৰক সংক্ৰামক ৰোগ এনেকুৱা নহয় ।
সংক্ৰামক ৰোগৰ ভিতৰত একুট ফ্লাচিড পেৰালাইছিছ, বৰ আই, কলেৰা, লেপ্ৰোচি, ডিপথেৰিয়া,
ডিচেন্ট্ৰি, এনচেফেলাইটিছ, হেমোৰহেজিক জ্বৰ, হেপাটাইটিছ, হাৰপিছ যোস্টাৰ,
মেলেৰিয়া, মিজেলছ,মেনিনজাইটিছ, জলাতংক, ৰিউমেটিক জ্বৰ, টিটেনাচ, যক্ষ্মা, হুপিং
কাঁহ, ছাৰ্ছ, শ্বোৱাইন ফ্লু, প্লেগ ইত্যাদিও সমাজৰ বাবে বিপদজনক ৰোগ । এই ৰোগবোৰৰ
নিয়ন্ত্ৰনৰ বাবে National Surveillance Programme for Communicable
Disease ৰ ব্যাবস্থা
আছে যদিও সংক্ৰামক ৰোগ নিয়ন্ত্ৰনৰ বাবে আমাৰ দেশত সূব্যাবস্থিত বা নিৰ্দিষ্ট কোনো
সংশোধিত আইন নাই । সংক্ৰামক ৰোগৰ ক্ষেত্ৰত ১৮৯৭ চনতে বৃটিছ চৰকাৰে তৈয়াৰ কৰিছিল
কন্টাজিয়াচ ডিজিজ এক্ট কিন্তু বৰ্তমান সময়ত ইয়াৰ কোনো কাৰ্য্যকৰী সংশোধিত আইন পোৱা
নাযায় । সংক্ৰামক ৰোগৰ জন সজাগতাৰ বাবে বহুতো প্ৰোগ্ৰাম বা আঁচনী প্ৰচলন কৰা দেখা
যায় যদিও ইয়াৰ আইনগত দিশটোৰ ক্ষেত্ৰত বিশেষ গুৰুত্ত দিয়া দেখা নাযায় । এই
প্ৰযুক্তিৰ যুগতো যদি কোনো ব্যাক্তিয়ে অসত উদ্দেশ্যেৰে সমাজত ৰোগ বিয়পায় তাৰ বাবে
শাস্তি বিধান খুবেই কম আৰু কাৰ্য্যকৰী অথবা সংশোধিত অধিনিয়মও নাই । গতিকে বৰ্তমান
সময়ত সংক্ৰামক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এখন কাৰ্য্যকৰী আইনৰ অতি প্ৰয়োজন যাৰ দ্বাৰা
এই ধৰনৰ ৰোগৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে যিবিলাক চৰকাৰী আঁচনী সঠীকভাৱে কাৰ্য্যকৰী
নকৰিলে শাস্তি বিহা হয় । যিদৰে ভাৰতবৰ্ষ পলিওমুক্ত দেশ বুলি ঘোষণা কৰি গৌৰৱ কৰা হয়
ঠিক তেনেদৰে বাকী সংক্ৰামক ৰোগ বোৰৰ প্ৰতি সজাগতা আনিবলৈ অথবা এই বিষয়ত জড়িত
আঁচনীবোৰ সঠিকভাৱে ৰুপায়িত কিছুমান সক্ষম আইনী ব্যাৱস্থাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি
।
No comments:
Post a Comment