Contact Form

Name

Email *

Message *

Saturday, 2 October 2021

মানসিক শান্তি সাধনৰ দৰ্শন

 

 মানসিক শান্তি সাধনৰ দৰ্শন

এ                  এসময়ত দহ টকা বচাবলৈ দহ মিনিট সময় মানুহে খৰছ কৰিছিল আৰু বৰ্তমান সময়ত মানুহে দহ মিনিট সময় বচাবলৈ দহ টকা খৰচ কৰিবলৈ এলাহ নকৰে । বৰ্তমান মানুহৰ হাতত যিদৰে বিভিন্ন ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি থকা স্বত্বেও সময়ৰ নাটনি হয় ঠিক সেইদৰে বিভিন্ন বিকল্প থকা স্বত্বেও মানসিক শান্তিৰ অভাৱ হয়মানসিক শান্তি সাধনৰ বাবে আৰু সুস্থ জীৱন যাপনৰ বাবে জ্ঞান প্ৰবন্ধন (Knowledge Management) নিত্যান্তই প্ৰয়োজনীয় । এই ক্ষেত্ৰত মানসিক শান্তিয়ে আৱেগৰ ভিন্নতাৰ পৰা মুক্তি, অন্তঃআত্মাৰ সূচাৰু ৰুপ, মুহুৰ্তবোৰ উপভোগ কৰা আৰু জীৱনৰ উত্থান বা পতনৰ সমানতা অনুভৱ কৰাকে সূচায় । দৈনন্দিন জীৱনশৈলীলৰ মাজেৰে মানসিক শান্তি বজাই ৰখাতো আজিৰ দিনত এক দুৰুহ প্ৰচেষ্টা যেন হৈ পৰিছে যেতিয়া মানুহে জীৱনৰ আৱেগ অনুভুতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰে তেতিয়াই উদ্ভৱ হয় এই মানসিক অশান্তিৰ । উদাহৰন ৰূপে, ভয়,খং, অহংকাৰ, লোভ, আত্মগ্লানি, অভিমান, নিজৰ সৈতে মতবিভেদ, গুৰুত্ত আকৰ্ষন কৰিব খোজা, নিজৰ ইচ্ছাক বেছিকৈ উজাগৰ কৰিব খোজা, লক্ষপ্ৰাপ্তি নোহোৱা , বিভেদ সৃষ্টিকাৰী মনোভাৱ ইত্যাদি কাৰকবোৰৰ বাবেই প্ৰধানতঃ মানসিক অশান্তিৰ সৃষ্টি হয় । এই মানসিক অশান্তিৰ কাৰকবোৰ দূৰ কৰিব পৰা যায় কেৱল মাত্ৰ সজাগত, গ্ৰহনযোগ্যতা, আত্মসমৰ্পণ, বুজাবুজি, নিয়মানুবৰ্তিতা, আত্মনিয়ন্ত্ৰন, ক্ষমা কৰিব পৰা, বিশ্বসযোগ্য হোৱা আদি গুণ আহৰণৰ দ্বাৰাহে । এই গুণবোৰ প্ৰাকৃতিকভাৱে থাকিলেও মানুহৰ স্বভাৱত সন্মিলিত কৰিব লাগিলে কিছুমান জ্ঞান আহৰণ আৰু অনুশীলন কৰাৰ প্ৰয়োজন প্ৰকৃত জ্ঞান আহৰণ আৰু অনুশীলনেৰে দূৰ কৰিব পাৰি মানসিক অশান্তিৰূপী অন্ধকাৰক। মানসিক অশান্তি দূৰ কৰিব পৰা এই জ্ঞান হল পঞ্চদৰ্শনৰ জ্ঞান । পঞ্চদৰ্শনৰ জ্ঞান মানে তলত উল্লেখিত পাঁচবিধ দৰ্শনৰ জ্ঞান ।

১) বিজ্ঞান দৰ্শন, ২)আত্মা দৰ্শন,  ৩)ধৰ্মীয় দৰ্শন,  ৪) অপাৰ দৰ্শন, ৪) পাৰ দৰ্শন ।

আধুনিক জীৱনশৈলীৰ জ্ঞান আহৰন কৰি মানসিক শান্তি সাধন কৰাৰ উত্তম উপায় হল পঞ্চদৰ্শনৰ জ্ঞান অনুকৰনএই পঞ্চদৰ্শন কোনো দৰ্শনশাস্ত্ৰত পোনপতীয়াকৈ পোৱা নাযায় যদিও ই এক দৰ্শনৰ বিষয়বস্তুগত সাধনা স্বৰুপ এই দৰ্শনৰ বিস্তিৃতি এনেধৰনৰ-

১) বিজ্ঞান দৰ্শনঃ

বিজ্ঞানৰ জ্ঞানে মানুহৰ অন্ধকাৰছন্ন জীৱন পোহৰাই তুলে । বিজ্ঞান দৰ্শন হল বসবাস কৰা বিশ্বব্ৰহ্মাণ্ডৰ কাৰণ, উদ্দেশ্ব্য আৰু কৰনিয়বোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন । বিজ্ঞানে মানুহক প্ৰকৃত জ্ঞানৰ সন্ধান দিয়ে আৰু প্ৰকৃত জ্ঞানেহে মানুহক মানসিক শান্তি দিব পাৰে । প্ৰকৃত অৰ্থ নাজানিলে অথবা বিজ্ঞানৰ জ্ঞান অবিহনে যিকোনো বিষয়বস্তুতে সফলতা আহৰণ কৰা সম্ভৱ নহয় । যিদৰে নিজৰ দেহটোৰ সাধাৰন বিজ্ঞানখিনি নাজানিলে মানুহ সূস্থ থকাটো সম্ভৱ নহয় ঠিক সেইদৰে সমাজ বিজ্ঞানৰ সাধাৰণ জ্ঞানৰ অভাৱৰ ফলতো সামাজিকভাৱে বহু অসুবিধাৰ সন্মুখিন হয় আৰু এইবোৰেই মানসিক অশান্তিৰ কাৰক । বিজ্ঞানৰ জ্ঞানে মানুহক সচেতক কৰি তুলে আৰু মানসিক অশান্তি দুৰ কৰা কাৰকবোৰক দুৰ ৰখাত সহায় কৰে । সেইবাবে বিজ্ঞান দৰ্শন মানসিক শান্তিৰ বাবে এক অনুকৰনীয় বিষয় ।  

২) আত্ম দৰ্শনঃ 

আত্ম দৰ্শন  সম্পূৰ্ণৰুপে জীৱনৰ ভৌতিক বা আধ্যাত্মিক অভিজ্ঞতাৰ ওপৰত আধাৰিত জ্ঞান অথবা এক সচেতনতা । আত্মদৰ্শনৰ দ্বাৰা মানুহে বাস্তবিকতাৰ সন্মূখিন হৈ নিজৰ চিন্তাধাৰাক উন্নিত কৰি ইতিবাচক সিদ্ধান্তত উপনিত হোৱাত সহায়ক হয় । প্ৰায়ভাগ মানুহে নিজৰ সিদ্ধান্তকে শুদ্ধ বুলি ভাবি নিজক পৰীক্ষা নকৰাকৈ, বিচাৰ বিবেচনা নকৰাকৈ সকলোবোৰ চূড়ান্ত কৰি শেষত মানসিক অশান্তিত ভূগে । আত্ম দৰ্শনে মুলতঃ নিজৰ অভিজ্ঞতা আৰু পৰ্যৱেক্ষনবোৰ ব্যাৱহাৰ কৰি শুদ্ধ সিদ্ধান্তত উপনিত হোৱাত যথোপযুক্ততা প্ৰদান কৰে । আত্ম দৰ্শন মানুহৰ চিন্তাশক্তি, সিদ্ধান্ত লোৱা শক্তি আৰু কাৰ্য্যশক্তিৰ ইন্ধন স্বৰুপ । নিজক যুকিয়াই নোচোৱাটো বা নিজক পুনঃ বিবেচনা নকৰাটো মানুহৰ সহজত প্ৰবৃত্তি । যদি মানুহ নিজৰ কৰনিয় বোৰৰ প্ৰতি সচেতন হয় আৰু আত্মবিচাৰ বা নিজক পুনঃবিচাৰ কৰে যে নিজে কৰি থকা কামবোৰ শুদ্ধ হয় জানো, যদি শুদ্ধ নহয় তেন্তে এইবোৰ শুদ্ধ কৰাৰ উপাই বা সমাধানে আত্মশান্তি প্ৰদান কৰে ।  

৩) ধৰ্মীয় দৰ্শনঃ

ধৰ্ম দৰ্শনৰ অৰ্থ হল নিজৰ ধৰ্মৰ বিষয়ে যথাযথ জ্ঞান, ধৰ্মৰ দাৰ্শনিক দিশৰ জ্ঞান, নিজৰ ধৰ্মপুথিৰ জ্ঞান, আধ্যাত্মিকতা, ধৰ্মীয় আচাৰ-ব্যাৱহাৰৰ জ্ঞান আদিক সন্নিবিষ্ট কৰা প্ৰকৃত দাৰ্শনিক জ্ঞান ।  ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি আহৰন কৰা কিছুমান সূ-অভ্যাসৰ জৰিয়তেও মানসিক শান্তি লাভ কৰিব পাৰিবৰ্তমান সময়ত বেছিভাগ মানুহৰে প্ৰধান মানসিক চিন্তা সন্তানক লৈ । লৰা ছোৱালী  নিজৰ ভৱিষ্যত সজোৱাৰ উদ্দেশ্যেৰে মাক-দেউতাকৰ পৰা আঁতৰত থাকিবলগীয়া হয় যাৰ ফলত মাক-দেউতাক সদায় চিন্তিত হৈ থাকে আৰু ৰা ছোৱালীবোৰ বেয়া হলে মাক-দেউতাকৰ মানসিক অশান্তিৰ ওৰ নাই । ইয়াৰ উপৰি নিজৰ ঘৰত লগত থাকিলেও ৰা ছোৱালীয়ে মাক দেউতাকৰ বদঅভ্যাস অনুসৰন কৰি বেয়া হোৱা দেখা যায় । দুয়োটাক্ষেত্ৰতে ঘৰুৱা সংস্কাৰে ৰক্ষা কৰে আৰু ঘৰুৱা সংস্কাৰৰ মুল ভেতি হল ঘৰখনত অভাস বা অনুসৰন কৰা প্ৰকৃত ধৰ্মীয় দৰ্শন । মাক-দেউতাক সকলো সময়তে সন্তানৰ লগত যোৱাতো সম্ভৱ নহয় যদিও সকলো সময়তে লগত যায় মাক-দেউতাকে দিয়া সজ সংস্কাৰ যিয়ে লৰা ছোৱালীৰ কৰ্মত দিশ নিৰ্দেশক হিচাপে কাম কৰে । আৰ্থিক বা সময়ৰ নাটনিৰ দ্বাৰা সৃস্ট মানসিক অশান্তি নিৰাময়ৰও প্ৰধান উপায় হল প্ৰকৃত ধৰ্মীয় দৰ্শন । উদাহৰনস্বৰুপে, কোনো এখন ঘৰত যদি টকা পইচাৰ বা সময়ৰ নাটনিৰ বাবে প্ৰায়ে অশান্তিকৰ পৰিবেশৰ সৃস্টি হৈ থাকে তেন্তে ঘৰখনৰ সকলোৰে কাৰ্যক্ষমতা কমি যায় ফলত মানসিক অশান্তি বাঢ়িহে যায় । এনেকুৱা পৰিস্থিতিতো ধৰ্মীয় দৰ্শনৰ বিশ্বাসেই আত্মবিশ্বাস আনাৰ  মুল উপায় । বহু ক্ষেত্ৰত ধৰ্মপুথিৰ ভিতৰতে জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান পোৱা যায় আৰু নিজৰ মানসিক অশান্তি দূৰ কৰি আত্মবিশ্বস গোটাবলৈ সমৰ্থ হয় আৰু ইয়ে উন্নতিৰ মুল চাবিকাঠী হৈ পৰে ।   

৪) অপাৰ দৰ্শনঃ

অপাৰ দৰ্শন মানে আনৰ অভিজ্ঞতাৰ পৰা অথবা অন্য উত্সৰ পৰা জ্ঞান আহৰন কৰি উচিত ব্যাৱহাৰেৰে মানসিক শান্তি লাভ কৰিব পাৰি । অন্য উত্স মানে যৰ পৰা উপযোগী তথ্য পোৱা যায় । এই তথ্য বিশ্বসযোগ্য হবও পাৰে নহবও পাৰে মাথো নিৰ্ভৰ কৰে নিজৰ বাচনী শক্তিৰ ওপৰত আৰু এই শক্তি আত্ম দৰ্শনৰ দ্বাৰা আহৰন কৰিব পাৰি । উদাহৰনস্বৰুপে, আজিকালি ইনটাৰনেট, আলোচনী, ৰেডিঅ, বাতৰি কাকত ইত্যাদি বিভিন্ন উত্সৰ পৰা তথ্য আহৰণ কৰিব পাৰি যিবোৰ জ্ঞান প্ৰৱন্ধনৰ এক মাধ্যম হৈ পৰিছে । তাৰোপৰি কিছুমান কাম পোনপটিয়াকৈ নিজে কৰি চালে বিপদৰ সন্মূখিন হব পাৰে, গতিকে তেনেকুৱা যিকোনো কাম কৰাৰ আগতে এনেক্ষেত্ৰত জড়িত কিছুমান আন মানুহৰ উপলব্ধি বা অভিজ্ঞতাৰ সহায় লৈ আগবাঢ়িলেহে সফলতা প্ৰাপ্তি হয় আৰু যিটো মানসিক শান্তিৰও উত্স হয় ।

৪) পাৰ দৰ্শনঃ

পাৰ দৰ্শন মানে আধ্যাত্মিকতা, অন্তঃমন, সপোন আদিৰ পৰা পোৱা জ্ঞান ইয়াৰ সঠিক প্ৰৱন্ধনেৰে মানসিক শান্তি লাভ কৰিব পাৰি এই জ্ঞান সাধাৰনতে আনক দেখুওৱাৰ উপযোগী নহয়, ই হ চিন্তাশক্তি উন্নতিকৰনৰ এক আহিলা । বহুক্ষেত্ৰত ই মানসিক স্থিতি আৰু আধ্যাত্মিক বিচাৰ ধাৰাৰ উন্নতিকৰনৰও কাৰক । উদাহৰনস্বৰুপে, কিছুমান কাম মনৰ বা আধ্যাত্মিক চিন্তাধাৰাৰে কৰিলে সফল হোৱা দেখা যায় আৰু ইয়ে মানসিক শান্তি প্ৰদান কৰে ।পাৰ দৰ্শন বাস্তৱিক ৰুপে প্ৰমানিত নহয় যদিও ইয়াৰ উপস্থিতি অথবা উপযোগিতা নুই কৰিব নোৱাৰি ।ই মগজুৰ স্বয়ংক্ৰিয় পদ্ধতিৰ দ্বাৰা সৃস্টি হোৱা এক ধাৰণা । যাৰ দ্বাৰা প্ৰায়ে সফলতাৰ পথ প্ৰসস্থ কৰিব পাৰি ।

       জ্ঞানৰ উত্পত্তি হয় শুদ্ধ তথ্য আহৰনৰ পৰা আৰু জ্ঞানৰ সঠিক ব্যৱহাৰ বা প্ৰৱন্ধনে মানুহক যিকোনো কামতে সফল কৰে । শুদ্ধ তথ্য বা জ্ঞান প্ৰৱন্ধন অবিহনে ঘৰ চলোৱাতও সফল হোৱা দেখা নাযায় যাৰ ফলত মানুহক মানসিক অশান্তিয়ে আৱৰি ধৰে আৰু কাৰ্যক্ষমতাৰ ক্ষতি কৰে । উপৰোক্ত পাঁচোতা দৰ্শন জ্ঞান প্ৰৱন্ধনৰে শাখা । এই
পাচোটা শাখাৰ জ্ঞানে অথবা অভিজ্ঞতাই বা ধাৰনাই যিকোনো সমস্যা সমাধানত সহায়ক হব পাৰে আৰু শুদ্ধ সিদ্ধান্তৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰে । আধ্যাত্মিক ভিত্তিতো পঞ্চইন্দ্ৰিয় দমনেই সফলতা আৰু মানসিক শান্তিৰ মূল পদ্ধতি বুলি কয় আৰু এই পঞ্চদৰ্শনৰ জ্ঞানে পঞ্চইন্দ্ৰিয় দমনত সহায়ক হয় । আনহাতে জ্ঞান প্ৰৱন্ধন (
Knowledge Management) বৰ্তমান সময়ত যিকোনো মেনেজমন্টৰ এক অভিন্ন অংগ । জ্ঞান প্ৰৱন্ধনৰ জৰিয়তে সময়ৰ আৰু তথ্যৰ সদব্যাৱহাৰেৰে যিকোনো কামত সফল হব পাৰি আৰু এই সফলতাই মানসিক শান্তিৰ ইন্ধন স্বৰুপ ।





 

No comments:

Post a Comment