সম্বন্ধ-সমৃদ্ধি আৰু সুস্বাস্থ্য
ব্যক্তিগত সমৃদ্ধি, পাৰিবাৰিক সমৃদ্ধি আৰু সামাজিক সমৃদ্ধি নিৰ্ভৰ কৰে জনসাধাৰণৰ শাৰিৰীক, সামাজিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ ওপৰত।আনৰোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেহটো সূস্থ কৰি ৰখাৰ প্ৰতি সকলোৱে সজাগ যদিও সমৃদ্ধি আৰু সুস্বাস্থ্যক প্ৰভাবান্বিত কৰা সম্বন্ধবোৰৰ বিষয়ে কম গুৰুত্ব প্ৰদান কৰা দেখা যায়। শিশুকালৰ পৰাই মানুহৰ বিকাশ নিৰ্ভৰ কৰে মানসিকতাৰ ওপৰত আৰু মানসিকতা নিৰ্ভৰ কৰে সম্পৰ্কৰ ওপৰত । উদাহৰণ স্বৰুপে মাক-বাপেকৰ বিৰূপ সম্বন্ধৰ বাবে সন্তানৰ মানসিকতা বেয়া হোৱা প্ৰায়ে দেখা যায় । একেদৰে পৰিয়ালৰ বেয়া ব্যাৱহাৰ বা বেয়া সম্বন্ধৰ ফলতো সন্তান বিপথে পৰিচালিত হোৱা দেখা যায়। বহুবছৰ আগতে নাৰী নিৰ্য্যাতনৰ মুক্তিৰ উদ্দেশ্য নিৰ্মাণ কৰা বিবাহ বিচ্ছেদৰ আইনবোৰৰ বলবতৰ পাৰ্শ্বক্ৰিয়া হিচাপে অথবা আধুনিকতাৰ আঁৰৰ মনৰ অমিলৰ অজুহাত হিচাপে বৰ্তমানে ভাৰতত ডিভোৰ্চ কেছ আৰু পিতৃমাতৃক সন্তানে অৱহেলা কৰাৰ উদাহৰণ বহুতো দেখা যায় । যদিও সম্বন্ধৰ পৰা আঁতৰি অহাৰ বা বিচ্ছেদৰ বিৰহৰ দ্বাৰাই সৃষ্টি কৰে একো একোজন বিখ্যাত ব্যাক্তিক, তথাপি শৰীৰ সুস্থ হৈ নাথাকিলে ব্যক্তিগত অথবা সামাজিক সমৃদ্ধি অসম্ভৱ হৈ পৰে । গতিকে সম্বন্ধৰ বিৰূপতাই কিদৰে মানুহক শাৰীৰিক ভাৱে আঘাত হানি সমৃদ্ধি বাধিত কৰিব পাৰে তাকে আলোচনাৰ প্ৰয়াস কৰিছো ।
সম্বন্ধৰ
বিৰুপতাৰ ফলত প্ৰভাৱিত হোৱা শাৰীৰিক কাৰকবোৰ হলঃ
১) শাৰীৰিক
ওজনৰ পৰিবৰ্তনঃ
সম্পৰ্কৰ
বিৰুপতাৰ স্বীকাৰ হোৱা মানুহৰ শাৰীৰিৰক ওজনত বিশেষভাৱে প্ৰভাৱ পৰা দেখা যায় ।
বহুক্ষেত্ৰত বিবাহৰ পাছতে দম্পতিবোৰৰ শাৰীৰিক ওজন বৃদ্ধি হোৱা দেখা যায় ।
লোকধাৰণামতে সূখী মানুহহে শকত হয়। প্ৰকৃততে
এনেকুৱা ধাৰণাবোৰ চিৰসত্য নহয়। বাৰ বাৰ টোপনী ভাঙাৰ ফলতো শৰীৰত ভোক বৃদ্ধিকাৰী হ’ৰমন
আৰু এনজাইমৰ সালসলনি ঘটাৰ ফলতো মানুহৰ ওজন বৃদ্ধি হব পাৰে। অধিক মানসিক চাপত
থাকিলেও খাদ্যখোৱাৰ পৰিমানৰ তাৰতম্য ঘটে। বিষন্নতাৰ বাবে এলেহুৱা হৈ শাৰীৰিক
পৰিশ্ৰমৰ পৰা বিৰত থকা বাবেও ওজনৰ তাৰতম্য ঘটিব পাৰে। যদি পৰিয়ালত সম্পৰ্কবোৰ
মধুৰ হয় তেন্তে এটাই আনটোক শাৰীৰিক ভাৱে সুস্থ থকাত উদগনি যোগায়। সম্বন্ধৰ
বিৰুপতাৰ ফলত খাদ্য বিসংগতি আৰু টোপনি শৈলীৰ পৰিবৰ্তনে শৰীৰৰ ওজনৰ তাৰতম্য ঘটোৱাত
যথেষ্ট অৰিহনা যোগায় । সম্বন্ধৰ বিৰুপতাৰ ফলত ওজন হ্ৰাসৰ পৰিঘটনাও দেখা যায় ।
মাত্ৰাধিক ওজনৰ বৃদ্ধি বা হ্ৰাসে শৰীৰত ডাইবেটিছ, হৃদৰোগ, যক্ষাৰোগ
আদিক আমন্ত্ৰন কৰিব পাৰে । গতিকে শৰীৰৰ সুস্থতাৰ বাবে আৰু নিজৰ ওজন নিয়ন্ত্ৰনৰ
বাবে সুসম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় ।
২) মানসিক
চাপঃ
সৰলীকৰণৰ সুত্ৰই মানুহক চাপমুক্ত কৰি ৰখাত সহায়
কৰে । অৰ্থাত সম্বন্ধৰ যিকোনো বিষয়বস্তু এটা নিজেহে বেছি জটিল কৰি তোলা যায় ।
যিকোনো সমস্যা যদি ভালদৰে বুজি, তাৰ
প্ৰকৃত তথ্যবোৰ আহৰণ কৰি সৰল কৰি লোৱা হয় তেন্তে সম্বন্ধৰ মধুৰতা বজাই ৰখাটোও সহজ
হৈ পৰে। যিটো সমৃদ্ধি আৰু সুস্বাস্থ্যৰ মুল উতস। সকলোবোৰ নিজৰ বুজিপোৱাৰ ক্ষমতা আৰু
কি ধৰণে গ্ৰহন কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে । দৰাচলতে নিজৰ পৰাজয়তহে মানুহে বেছি
মানসিক চাপত ভুগে । যদি ক্ষুদ্ৰতম কৰ্ম সম্পন্ন কৰিও নিজক ধন্যবাদ দি ফলাফলটো
উপভোগ কৰে তেন্তে মানসিক চাপ আঁতৰি থাকিব পাৰে । অৱশ্যে আনবোৰ সম্বন্ধতকৈ বিবাহিত দম্পতিৰ সম্বন্ধৰ মধুৰতা বিশেষভাৱে নিৰ্ভৰ কৰে শাৰীৰিক সম্বন্ধৰ ওপৰতও । যিকোনো উপায়ে যদি মানসিক চাপক
প্ৰাৰম্ভিক অৱস্থাতে নিয়ন্ত্ৰণ কৰা নাযায় তেন্তে পাছলৈ ই দুৰাৰোগ্য মানসিক ৰোগলৈ
পৰিবৰ্তিত হোৱাৰ লগতে আন আন শাৰীৰিক ৰোগতও অৰিহণা যোগায় । অত্যাধিক মানসিক চাপত
ভূগা লোক শাৰীৰিক ভাবে বাধিত হোৱাৰ লগতে সমৃদ্ধিতো বাধিত হয় ।
৩) আনন্দদায়ক
হৰমনৰ পৰিবৰ্তনঃ
শৰীৰত ডোপামিন, চেৰেটোনিন
আদিৰ নিচিনা আনন্দদায়ক হৰমন কিছুমান পোৱা যায় । যিকোনো মনে বিছৰা ভাল কাম হলে বা
আনন্দৰ অনুভুতি হলে এই ধৰণৰ হৰমন বোৰৰ নিৰ্গমন হয় । যাৰ ফলত মগজুয়ে বাৰে বাৰে এই
ভাললগা কামবোৰ কৰাব বিছাৰে । নিজৰ লাভ বা লোকচান পাহৰি কেৱল ভাললগা কামবোৰ কৰাৰ
উদগনি যোগোৱাৰ একমাত্ৰ শাৰীৰিক কাৰন হল এই জৈৱ ৰাসায়নিক পদাৰ্থবোৰ । যৌন সম্ভোগ বা
বিপৰীত লিংগৰ লগত সম্বন্ধ বা ভাল কথাবাৰ্তাইও মানসিক অৱসাদ দুৰ কৰি সুস্বাস্থ্য
গঢ়াত সহায়ক হয় । আমেৰিকাৰ নৰ্থ কেৰোলিনা ইউনিভাৰ্চিটিত ২০০৪ চনতে প্ৰায় ৪০টা মান
দম্পতিৰ ওপৰত কৰা গৱেষণা এটাৰ পৰা জনা গৈছিল যে আলিগংনৰ পাছত প্ৰায়বোৰ দম্পতিৰে
তেজত অক্সিটছিনৰ মাত্ৰা বেছি হৈছিল, যিটোৱে
মানসিক চাপ বা অৱসাদ দুৰ কৰি নিজৰ মুড ঠিক কৰে । লগতে ই শৰীৰত ষ্ট্ৰেছৰ লগত জড়়িত ৰাসায়নিক পদাৰ্থ কৰটিছলৰ পৰিমানো কম কৰে । এইবোৰ
কাৰ্য্য কলাপৰ দ্বাৰা মানসিকভাৱে লোক সুস্থ থাকিব পাৰে আৰু সম্বন্ধৰও শুধৰণি হয় ।
সুসম্বন্ধ থাকিলেহে উন্নতি বা সমৃদ্ধিৰ আশা কৰিব পাৰি ।
৪) টোপনিৰ
ব্যাৱধান
কোনোবাৰ ওপৰত সম্পুৰ্নৰুপে বিশ্বাস কৰিব পাৰিলে
মন আৰু মগজু সম্পুৰ্নৰুপে বিশ্ৰাম কৰিব পাৰে । ফলত টোপনি ভাল হয় । সম্বন্ধৰ মধুৰতা
আৰু টোপনি আংশিকভাবেহে জড়িত যদিও মানুহৰ সমৃদ্ধিৰ বাবে মন মগজু ক্ষান্ত ৰখাটো অতি
প্ৰয়োজনীয়। টোপনি ক্ষতি হলে কাৰ্য্যক্ষমতা কমি যায় আৰু নিজৰ কৰ্মদক্ষতা অবিহনে
সমৃদ্ধি সম্ভৱ নহয়। সম্বন্ধৰ বিৰুপতাৰ ফলত টোপনিৰ ব্যৱধান হোৱাটো বেছিভাগৰ
ক্ষেত্ৰতে দেখা যায় । টোপনিৰ ব্যৱধানৰ ফলত বেছিকৈ ভোক লাগে আৰু খাদ্য গ্ৰহনৰ
পৰিমান বাঢ়ি শৰীৰৰ ওজনো বাঢ়িব পাৰে। ইয়াক বিঞ্জ ডিচঅৰডাৰো বোলা হয় । টোপনি
সম্পুৰ্ন নহলে ভাগৰ বেছিকৈ লাগি কৰ্মক্ষমতা কম কৰিব পাৰে ।
৫) এনজাইটি
সম্বন্ধৰ বিৰুপতাই মানসিক ৰোগ এনজাইটি বৃদ্ধি
কৰাত অৰিহণা যোগায় । বহুতো গৱেষণাৰ দ্বাৰা প্ৰমান কৰা হৈছে যে বৈবাহিক সম্বন্ধৰ
বিৰুপতাই ব্যক্তিগত আৰু সামাজিক এনজাইটি দুয়োটাই বৃদ্ধি কৰে । এই ধৰণৰ এনজাইটিয়ে
আন মানসিক ৰোগ বৃদ্ধিত অৰিহণা যোগায় ।
৬) বিষন্নতা
বিষন্নতা আৰু এনজাইটি এটা আনটোৰ পৰিপুৰক ।
বিষন্নতাত ভোগা লোকৰ উন্নতি বা সমৃদ্ধি বাধিত হোৱাটো নিশ্চিত । কাৰণ বিষন্নতাত
ভোগা লোকে নিজৰ কাৰ্যদক্ষতা সম্পুৰ্ন এশ শতাংশ ব্যাৱহাৰ কৰিব নোৱাৰে । সম্পুৰ্ণৰুপে এশ শতাংশ
কাৰ্যত মনোনিৱেশ কৰিব নোৱাৰিলে সফলতা আহৰণ সম্ভৱ নহয় । বিষন্নতা মানসিক ৰোগ, হৃদৰোগ
আদিৰো কাৰক হব পাৰে । এই বিষন্নতা সৃষ্টিকাৰী মুখ্য কাৰক হল সম্বন্ধ ।
কৰ্মক্ষেত্ৰৰ সম্বন্ধ, বৈবাহিক সম্বন্ধ, ঘৰুৱা সম্বন্ধ, সামাজিক সম্বন্ধ, এই আটাইবোৰৰ বিৰুপতাই বিষন্নতা আনিব
পাৰে । গতিকে সমৃদ্ধিৰ বাবে বিষন্নতা দুৰীকৰণ অতি প্ৰয়োজনীয় আৰু বিষন্নতা দুৰ
কৰিবলৈ সুসম্বন্ধৰ অতি প্ৰয়োজন ।
৭) এলক’হল বা ড্ৰাগচৰ ব্যৱহাৰ
সম্বন্ধৰ
বিৰুপতাই বহুতকে মদ বা ড্ৰাগছৰ আসক্তিৰ মাজলৈ ঠেলি দিয়ে । এবাৰ এই আসক্তিৰ মাজত
সোমাই পৰিলে সমৃদ্ধি অসম্ভৱ হৈ পৰে । এই আসক্তিৰ ফলত টকা-পইচাৰ লোকচান,শৰীৰ ৰুগীয়া
কৰা, কৰ্ম কৰাৰ ইচ্ছাৰ বিলুপ্তি ইত্যাদিয়ে ব্যক্তিগত তথা সামাজিক সমৃদ্ধিক বাধিত
কৰে । গতিকে নিজক নিয়ন্ত্ৰন কৰি সম্বন্ধৰ বিৰুপতাৰ বাবে সৃষ্ট আসক্তিৰ কবলৰ পৰা
হাত সাৰি থকাটো অতি প্ৰয়োজনীয় ।
মানৱজীৱনৰ
মধুৰতম সময়বোৰ পুনঃ ঘুৰি নাহে । গতিকে সম্বন্ধৰ মধুৰতা বুজাবুজিৰ মাধ্যমেৰে জীয়াই
ৰাখি সমৃদ্ধি সাধিবলৈ কিছুমান প্ৰমানিত টিপছ আগবঢ়ালো ।
১) দৃষ্টিস্থান সলনি – কাজিয়া বা সম্বন্ধৰ তিতাকেঁহাবোৰ দূৰ
কৰিবলৈ হলে এবাৰলৈ হলেও নিজকে আনটোৰ আনজনৰ স্থানত থিয় কৰি চোৱাটো প্ৰয়োজন । যদি
দুয়োজনে একেলগে নিজৰ আশাপুৰ্তিহীনতা প্ৰতিপন্ন কৰিব বিচাৰি থাকে তেন্তে কাজিয়াৰ
অন্ত কেতিয়াও হব নোৱাৰে । সম্বন্ধৰ মধুৰতা বজাই ৰাখি বিচ্ছেদ ৰোধ কৰিবলৈ হলে
দৃষ্টিস্থান সলনি কৰি বিশ্লেষন কৰি চোৱাটো অতি দৰ্কাৰী ।
২) সহানুভুতি আৰু সহাৰি – যিহেতু সম্বন্ধ বিচ্ছেদ এক প্ৰাকৃতিক পৰিঘটনা নহয়, ই আত্ম অহংকাৰ, চাল-চলন আৰু ব্যাৱহাৰৰ দ্বাৰাহে
নিঃশেষ হয় গতিকে সহানুভুতি আৰু সহাৰিৰ দ্বাৰা কিছুমান অৱগুন দমন কৰি সম্বন্ধ মধুৰ
কৰি ৰাখিব পাৰি ।
৩) বিগত সময়ৰ বিশ্লেষন – পাৰ হৈ
যোৱা সময়বোৰৰ তিতাকেঁহা স্মৃতিবোৰ বিশ্লেষণ কৰি তাৰ কাৰণ আৰু উপায় উলিয়ালেহে
দুয়োপক্ষৰ শুধৰণি হোৱাৰ অৱকাশ থাকে । বিগত তিতা অনুভুতিবোৰ যদি সহ্য কৰি কৰি তল
পেলাই থোৱা হয় তেন্তে যেতিয়া আকৌ একে পৰিস্থিতিতিৰ উদ্ভৱ হয়, তেতিয়া আগৰ আখেজবোৰ আকৌ লগলাগি সৰু
কথাতো পৰিস্থিতি বেয়া হয় । গতিকে বছৰটোত অথবা মাহটোত কৰাভূলবোৰৰ বিশ্লেষণ কৰাটো
অতি প্ৰয়োজন । যদি সম্বন্ধ আগঢ়াই লৈ গৈ থাকিব বিছাৰে তেন্তে পুৰণি বেয়া
স্মৃতিবোৰৰ ওপৰত ভিত্তি কৰি এজনে আনজনৰ পৰা কি বিছাৰে স্পষ্টকৈ জনাটো আৰু প্ৰয়োজন
অনুসৰি নিজকে পৰিবৰ্তন কৰাটো অতি দৰ্কাৰী ।
৪) চিকুন ফলকেৰে আৰাম্ভনি – মানুহৰ
মনটো এখন ফলিৰ লগত তুলনা কৰিব পাৰি য’ত ভাল
বেয়া সকলোবাোৰ আকিব পাৰি আৰু মচিব পাৰি । এই মনৰুপী ফলকত সদায় পেঞ্চিলেৰে অকাটো
ভাল । তীক্ষ্ণ অস্ত্ৰেৰে এই ফলকত আকিলে ইয়াৰ দাগবোৰ কেতিয়াও মচিব নোৱাৰি যদিহে
ইয়াক মেৰামতি কৰা নহয় । গতিকে জীৱনটো উপভোগ্য কৰিবৰ বাবে অথবা সম্বন্ধৰ মধুৰতা
উপভোগ্য কৰিবলৈ চিকুন ফলকৰ দ্বাৰা আৰাম্ভ কৰাটো প্ৰয়োজনীয় । অৰ্থাত বিগত সকলোবোৰ
বেয়া স্মৃতি বিশ্লেষণ কৰি লগতে ক্ৰুতিবোৰ শুধৰণি কৰি এখন চিকুন ফলকৰ সৈতে জীৱন
যাপন কৰিলেহে প্ৰকৃত সূখ অনুভৱ কৰিব পাৰি ।
৫) সম্পৰ্কৰ পৰা কি বিছাৰে – সম্বন্ধৰ
মধুৰতা উপভোগ কৰিবলৈ হলে দুয়োপক্ষই ভালদৰে জানিব লাগে যে এই সম্বন্ধৰ পৰা বা ইয়াৰ
জৰিয়তে এটাই আনটোৰ পৰা কি বিছাৰে । এটাই আনটোৰ প্ৰয়োজনক গুৰুত্ব নিদিলে সম্বন্ধ মধুৰ কেতিয়াও হব নোৱাৰে । অভিনয় কৰি বা বুজিও নুবুজাৰ দৰে আচৰণ কৰাৰ অভ্যাসে
কাজিয়াৰ সূত্ৰপাত কৰি সম্পৰ্ক বিনষ্ট কৰে । ইয়াৰ উপৰি যদি এটাই আনটোৰ প্ৰয়োজন খিনি
উপলব্ধি কৰিব নোৱাৰে তেন্তে আশাপুৰ্তি কৰাৰ কোনোদিশে অৱকাশ নাথাকে। গতিকে সম্বন্ধৰ পৰা দুয়োটাই কি বিছাৰে জনাটো অতি গুৰুত্বপূৰ্ণ ।
৬) সৰু অথচ পৰিলক্ষিত হোৱা সলনি - সৰু
কিন্তু পৰিলক্ষিত হোৱাকৈ নিজৰ সলনি হলে এটাই আনটোক বিশ্বাস কৰিবলৈ সুবিধা হয় ।
কাৰণ দয়োটাই দেখিবলৈ পায় যে এটাৰ কথা বা আশাই আনটোৰ ওপৰত প্ৰতিক্ৰিয়া কৰিছে । ইয়াৰ
বিপৰীতে যদি বহু কাজিয়াৰ , বহু
অনুৰোধৰ পিছতও আকৌ বিপৰীত পৰিস্থিতিৰে সৃস্টি হয় অথবা যিমান বুজাবুজি কৰি ললেও যদি
কৰ্মত একো পৰিবৰ্তন দেখা নাযায় তেন্তে অৱহেলাৰ মনোভাৱ আহে । গতিকে সৰুকৈ
দৃষ্টিগোছৰ হোৱাকৈ নিজৰ কিছুমান সালসলনি কৰাটো সম্বন্ধৰ মধুৰতা বজাই ৰাখিবলৈ অতি
জৰুৰী । উদাহৰণ স্বৰুপে, ঘৈনিয়েকৰ
পৰিস্থিতিগত ব্যাৱহাৰৰ বাবে কজিয়া লাগিল এই কাজিয়াৰ অন্তত দুয়ো সিদ্ধান্ত ললে যে
ভবিষ্যতে আৰু তেনেকুৱা নকৰে । কিন্তু ঘৈনিয়েকে যদি বেলেগ এটা পৰিস্থিতিত আকৌ একে
দুৰ্ব্যাৱহাৰ কৰে আৰু পৰিস্থিতিক দোষ দিবৰ বাবে যুক্তি আগবঢ়াই তেন্তে সম্বন্ধই
বিকৃত ৰুপ ধাৰণ কৰে । এই ক্ষেত্ৰত বিশ্লেষণ আৰু ব্যাৱহাৰত সৰুকৈ হলেও দেখা পোৱা
সাল সললনি এটা হোৱাটো অতি প্ৰয়োজনীয় । অন্যথা পৰিস্থিতিটোত আগৰ কাজিয়াৰ কাৰণবোৰও
লগ লাগি ডাঙৰ কাজিয়াৰ সৃ্ষ্টি হয় । ইয়াতে লক্ষনীয় যে জীৱনশৈলীৰ বা ব্যাৱহাৰৰ বৃহত
পৰিবৰ্তনৰ বাবে কঠোৰ সিদ্ধান্ত ললেও সম্পৰ্কত আঁক পৰে ।
৭) দায়িত্ববোধ আৰু কৰ্তব্যবোধ – সম্বন্ধৰ
দায়িত্ব দুয়োপক্ষই বহন কৰিবই লাগিব । এটাই আনটোৰ প্ৰতি দায়িত্বশীল হলেহে সম্বন্ধৰ
মধুৰতা উপভোগ্য হয় । এজনে নিজৰ দায়িত্ব বহন কৰি থাকিব আনটোৱে দয়িত্বৰ প্ৰতি
অৱহেলা কৰিব, এনে
ধৰণৰ কাৰ্য্যই সম্বন্ধত তিতা কেহাৰ সৃ্ষ্টি কৰি ইয়াক বিচ্ছেদলৈ ৰুপান্তৰিত কৰে । সম্বন্ধৰ মধুৰতাৰ বাবে প্ৰয়োজনীয় অন্যতম উপাদানটো হল দুয়োপক্ষই নিজকে এটাই আনটোৰ
প্ৰতি দায়িত্বশীল কৰি তুলিব লাগে । মানুহৰ জীৱনত দয়িত্বশীল বন্ধুত্বৰ সম্পৰ্কইহে
প্ৰকৃত সূখ, আনন্দ
দিব পাৰে ।
সূখ অবিহনে মানুহৰ ব্যক্তিগত বিকাশ তথা সামাজিক বিকাশ সম্ভৱ নহয় । জীৱনত কি পালো অথবা কি হেৰুৱালো তাৰ লেখাজোখাৰে সূখী বা অসূখী জীৱন নিৰূপণ কৰাটো টান । জীৱনটো কিদৰে উপভোগ কৰিলো অৰ্থাত ভাল বেয়া সকলোবোৰ সময়ক নিজৰ দক্ষতাৰে কিদৰে অতিক্ৰম কৰিলো আৰু প্ৰতিটো মুহুৰ্ত কিদৰে উপভোগ কৰিলো সেয়াহে প্ৰকৃত সূখ । অতি কষ্ট কৰা মানুহও সূখী হব পাৰে কাৰণ তেওৰ আনন্দ শাৰিৰীক কষ্টত আছে আনহাতে দিনটো আৰাম কৰি থকা মানুহো দুখী হৈ থাকিব পাৰে । নিৰ্ভৰ কৰে মাথো তেওৰ চিন্তাধাৰা আৰু মানসিকতাৰ ওপৰত । অতীত ঘুৰাই নাপাই আৰু ভবিষ্যত অনন্ত, ই কেতিয়াও নাহে গতিকে বৰ্তমানৰ কামবোৰ সঠিকভাৱে মনৰ আনন্দেৰে কৰিলে ভৱিষ্যত নিজে নিজেই সূন্দৰ হৈ পৰে । সূখ হৈছে আবেগিক বা মানসিক ইতিবাছক অনুভূতি । নিজৰ দৃষ্টিভংগী অথবা চিন্তাধাৰাৰ পৰিবৰ্তনৰ দ্বাৰা বেয়া পৰিস্থিতিতো সূখানুভূতি আনিব পাৰি । যি অনুভুতিয়ে মানুহক শাৰিৰীক আৰু মানসিকভাৱে সূস্থ ৰখাত সহায় কৰে । মানসিকভাৱে সূস্থলোকৰ দ্বাৰাহে সামাজিক বিকাশ আৰু সমৃদ্ধি সম্ভৱ
হয় ।
No comments:
Post a Comment