ডিজিটেল এডিকচন আৰু বিষন্নতা
কম্পিউটাৰ, এন্ড্ৰইড ফোন ইত্যাদি ডিজিটেল উপকৰণবোৰে মানুহৰ জীৱন সহজ কৰিছে যদিও কিছুক্ষেত্ৰত গুৰুতৰ অপকাৰও কৰে । এনেকুৱা আধুনিক যুগৰ আধুনিক ৰোগ হল ইন্টাৰনেট এডিকচন বা কিছুমান মনোবৈজ্ঞানিকৰ মতে ডিজিটেল এডিকচন বুলি কোৱা হয় । ইন্টাৰনেট এডিকচন ডিচঅৰডাৰ নামৰ ৰোগটোৰ বিষয়ে ইভান গোল্ডবাৰ্গ নামৰ চিকিতসা বিজ্ঞানী এজনে ১৯৯৫ চনতে আগবঢ়াইছিল । ইন্টাৰনেট ব্যাবহাৰৰ প্ৰতি অধিক আসক্ত হোৱা অথবা ইন্টাৰনেট যেন জীৱন ধাৰণৰ এক অভিন্ন আহিলা তেনেকুৱা যেন মানসিকতা অৱলম্বন কৰা লোকসকলে অজানিতে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় । শিশুয়ে মোবাইলত গান শুনি বা গেম খেলি নিজৰ আসক্তি বৃদ্ধি কৰাৰ পৰা আধবয়সীয়া মানুহেও ইয়াৰ কবলৰ পৰা হাত সাৰিব পৰা নাই । কিন্তু এই আসক্তিৰ পৰিমান বেলেগ বেলেগ হয় । সকলোবোৰ বস্তুৰ অধিক ব্যাৱহাৰে যিদৰে অনেক ৰোগক নিমন্ত্ৰন দিয়ে, ঠিক তেনেদৰে ইন্টাৰনেটৰ অধিক প্ৰয়োগে মানসিক আৰু শাৰীৰিক দুয়োবিধ ৰেগকে আমন্ত্ৰন কৰি আনে । ইন্টাৰনেট এডিকচন ডিচঅৰডাৰ ৰোগৰ আবেগিক লক্ষনবোৰ হল- নিজকে দোষী ভাৱ লোৱা, এনজাইটি, বিষন্নতা, অসাধুতা, পৰিকল্পিতভাৱে কাম সম্পন্ন কৰিব নোৱাৰা, সময়ৰ প্ৰতি লক্ষ নাৰাখা, অকলশৰীয়া ভাৱে থকা, প্ৰতিৰোধমুলক বা প্ৰতিশোধমুলক ব্যাৱহাৰ, কাম কৰাৰ প্ৰতি অনিহা, ব্যাৱহাৰত উগ্ৰ হোৱা ইত্যাদি । ইয়াৰ উপৰিও শাৰীৰিক লক্ষনবোৰ হল - ককালৰ বিষ, মুৰৰ বিষ, শৰীৰৰ ওজনৰ তাৰতম্য হোৱা, টোপনিত ব্যাঘাত জন্মা, কাৰপেল টানেল চিন্ড্ৰোম, দৃষ্টি শক্তি লোপ, চকুৰ শুস্কতা ইত্যাদি ।
ইন্টাৰনেট এডিকচন
ডিচঅৰডাৰ এক মানসিক ৰোগ বুলিব পাৰি যদিও ইয়াৰ নিৰূপণ কৰি সঠিক চিকিতসা কৰাটো
সম্ভৱপৰ নহয় । কাৰণ ই মনসিক স্বাস্থ্যৰ উপৰিও শাৰীৰিক, সামাজিক বা আধ্যাত্মিক স্বাস্থ্যৰ ওপৰতো
যথেষ্ট প্ৰভাৱ পেলায় । বৰ্তমানলৈকে নিৰুপন কৰা এই ধৰণৰ ৰোগৰ প্ৰকাৰবোৰ হল-
১) ইনফৰমেছন অভাৰলোড । ইন্টাৰনেটত প্ৰায়বোৰ বিষয়ৰে অধিক তথ্য পোৱা যায়
বাবে বেছিকৈ ইন্টাৰনেট ব্যাৱহাৰৰ কৰা লোকসকলৰ তথ্য সংগ্ৰহৰ প্ৰতিহে আসক্তি বাঢ়ি
যায় কিন্তু প্ৰকৃততে কাৰ্য্যদক্ষতা কমি যোৱাৰ লগতে পৰিয়ালৰ সদস্যৰ লগত কথাবতৰাও
কমি যায় । কিছুক্ষেত্ৰত পৰিয়ালৰ লগত মনোমালিন্যঅই চৰম পৰ্য্যয়লৈ যোৱাও দেখা যায় ।
২) বাধ্যতামুলক । ইন্টাৰনেট ব্যাৱহাৰ জীৱনৰ অভিন্ন অংগৰ কাৰ্য্যৰ দৰে
বাধ্যতামুলক কৰি লোৱাটোও এই ধৰণৰ এডিকচনৰ আন এক প্ৰকাৰ । কিছুমান লোকে ইন্টাৰনেটত
গেম খেলা, চপিং কৰা , শ্বেয়াৰ বজাৰত ব্যাৱসায় কৰা ইত্যাদিক নিচা হিচাপে ঘঢ়ি তোলে
। লাগতিয়ালেই হওক বা অলাগতিয়ালেই হওক বস্তু কিছুমান অনলাইন কিনি বস্তুটোৰ উপযোগিতা
বা মান মনে বিছৰাৰ নিচিনা অথবা ফটোট দেখাৰ নিছিনা নহলে নিজৰ সিদ্ধান্তৰ বাবে
হীনমন্যতাত ভূগে ।
৩) চাইবাৰ চেক্স এডিকচন । চাইবাৰ চেক্স এডিচন নব প্ৰজন্মৰ লগতে প্ৰৌঢ়
লোকৰো এক দুৰাৰোগ্য ৰোগ । ইয়াৰ দ্বাৰা সমাজৰ লগতে ঘৰৰ তথা নিজৰো ক্ষতি হোৱাৰ
সম্ভাৱনাই সৰ্বাধিক । ইয়াৰ পৰা লাভ একো পোৱা নাযায় । সময়ৰ ক্ষতি, দেহৰ ক্ষতি, মানসিকতা বিকাৰগ্ৰস্থ কৰি
তোলা হয়, তুলনা কৰি হীনমন্যতাত ভূগে, আনকি সমাজ ব্যাৱস্থাৰ বিপৰীতে যিকোনো কাম
কৰিবলৈ উদগনী পোৱাৰ ফলত একো একোটা অপৰাধীৰ সৃষ্টি কৰিব পাৰে ।
৪) চাইবাৰ সম্পৰ্ক । ইয়াৰ এক সৰ্ববহুল প্ৰচলিত নাম চোছিয়েল মিডিয়া ।
বৰ্তমানে নিজৰ অধিকক্ষতি সাধন কৰা এক আহিলা বুলিও কব পাৰি । শাৰীৰিক, মানসিক, সামাজিক, শৈক্ষিক, সাংসাৰিক, অৰ্থনৈতিক ইত্যাদি বিভিন্ন ধৰণৰ ছোছিয়েল মিডিয়াৰ
পাৰ্শ্বক্ৰিয়াই সকলোকে ব্যতিব্যস্ত কৰি তুলিব পাৰে । যিহেতু বৰ্তমান সময়ত সমাজৰ
প্ৰায় সকলো লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে ছোছিয়েল মিডিয়াৰ লগত জড়িত তথা ইয়াৰ
গুনাগুনৰ বিষয়ে ভালদৰে অৱগত, গতিকে
ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়েও ভালদৰে জানি সজাগ হৈ ইয়াৰ ব্যাৱহাৰক নিয়ন্ত্ৰন কৰা
উচিত । মোৰ বন্ধুজনে কোৱা ধৰনে চোছিয়েল মিডিয়াত বন্ধু বান্ধৱীৰ সংখ্যা অধিক হলে
ডায়বেটিছ হব পাৰে । ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি । যুক্তি অনুসৰি যদি বেছি সংখ্যক
বন্ধু বান্ধৱী থাকে তেন্তে নিশ্চয়কৈ ভিন্ন ধৰণৰ বাৰ্তালাপ বা সময়শাৰী অৰ্থাত টাইম
লাইনত বহু ধৰণৰ কথা চকুৰ আগেৰে পাৰ হৈ যায় । ইয়াৰে আশি শতাংশ মনোৰঞ্জনকাৰী তথা
শিকিবলগীয়া আৰু বিশ শতাংশ চিন্তা কৰিবলগীয়া আৰু মনত দুখদায়ী হয় । গতিকে এই বিশ
শতাংশই বহুতৰে মগজুত স্ট্ৰেছ, বিষন্নতা, হতাশা আদি উতপন্ন কৰে । উদাহৰণ স্বৰুপে, দুৰ্ঘটনাৰ দ্বাৰা অতি বেয়াকে ক্ষতিগ্ৰস্ত লোক
এজনৰ ফটো চোছিয়েল মিডিয়াত আপলোড কৰাৰ ফলত বহুতে এনেকুৱা দুৰ্ঘটনাৰ প্ৰতি সতৰ্ক
হোৱাৰ কথা এবাৰলৈ হয়তো মনলৈ আনিব কিন্তু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা মানসিক চিন্তাবোৰ
বেয়াৰ ফালে ধাল খাব পাৰে । যিটো স্বাস্থ্যৰ পক্ষেও হানিকাৰক হব পাৰে । ইয়াৰ উপৰি
বন্ধু কিছুমানৰ আপডেট দেখি হীন্যমন্যতাত ভোগা বেলেগকৈ আছেই । বন্ধুয়ে নতুনকৈ
বিলাসী গাড়ী এখন কিনিলে । নিজৰ গাড়ীখনলৈ চাই হীনমন্যতাত ভূগা যেন লাগিল । এই
হীনমন্যতাত ভূগাৰ পৰা বাছিবলৈ বা নিজৰ ইচ্ছা পুৰ্তিৰ বাবে এখন বহু বিলাসী গাড়ী
কোনোমতে কিনিলেই যেনিবা তাৰ পিছত সৃষ্টি হয় আকৌ অনেক সমস্যাৰ । বেংকৰ লোনৰ বাবে,
ঘৰুৱা
সমস্যা ইত্যাদিৰ বাবে বিভিন্ন ধৰণৰ মানসিক অশান্তিয়ে লগ দিয়ে । অৰ্থাত চোছিয়েল
মিডিয়াৰ জৰিয়তে নিজৰ লগত কৰা তুলনাই মানুহক বহুসমস্যাৰ দ্বাৰা জৰ্জৰিত কৰি হতাশাত
ভূগাব পাৰে । কিছুক্ষেত্ৰত অচল জীৱনশৈলী (Sedentary Lifestyle)ৰ কাৰকো এই ছোছিয়েল মিডিয়া হব পাৰে । এই
আটাইবোৰ কাৰণৰ দ্বাৰা ডাইবেটিছ ৰোগৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । ছোচিয়েল
মিডয়া ইমানেই মনোগ্ৰাহী যে মোবাইলৰ বা
কম্পিউটাৰৰ স্ক্ৰিনৰ ফালে ঘন্টা, ঘন্টা
ধৰি একেৰাহে চাই থকা হয় । যাৰ ফলত অতি শীঘ্ৰে চকুযুৰিও ৰুগীয়া হব পাৰে । চকুৰ পটা
সঘনাই নজপোৱাকে চাই থকাৰ ফলত চকুত শুস্কতাৰ সৃষ্টি হয় আৰু দৃষ্টি শক্তিও লোপ পায় ।
ছোছিয়োল মিডিয়াৰ আকৰ্ষনতে ৰাতি শুৱাৰ সময়ত বহুতে গাৰুৰ কাষত মোবাইল ফোন ৰাখে, যাতে আপডেটবোৰ গম পাই থাকে । মোৱাইলৰ তীব্ৰ
বিকিৰণ আৰু সংকেত সংবহনকাৰী তৰংগৰ বাবে টোপনি ব্যাঘাত হয় । টোপনি ক্ষতিয়ে বা
গভীৰভাৱে নিদ্ৰা সম্পুৰ্ণ নহলে শৰীৰৰ যথেষ্ট হানি হয় বুলি আটায়ে জানে । আনকি
অমনোযোগীতা, এলাহ ইত্যাদিও টোপনি কমৰ বাবে সৃষ্টি হোৱা
সমস্যা । অনবৰতে শৰীৰৰ লগত মোৱাইল ফোন ৰখাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি জানিও
প্ৰায়ভাগ লোকে ইয়াক নিৰবিচ্ছিন্ন ভাৱে লৈ ফুৰে । ইয়াৰ ফলত আন বহু ধৰণৰ ৰোগৰ সৃষ্টি
হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । ছোছিয়েল মিডিয়াৰ ব্যাৱহাৰৰ দ্বাৰা মানসিকতাৰ
পৰিবৰ্তনও ঘটিব পাৰে । যিকোনো বিষয়বস্তু এটা সদায় সন্মুখলৈ আহিলে তাৰ প্ৰতি আকৰ্ষন
বাঢ়ে । যদি বেয়া বিষয় বস্তু সদায় অপৈনত বয়সৰ লৰা ছোৱালীৰ আগত আহে তেতিয়া সিহতৰ
মানসিকতাৰ সলনি ঘটি বেয়াৰ ফালে ঢাল খায় । যিটো সমাজৰ বাবে সংকটজনক ।নিচাসক্তিক বৰ্তমান চোছিয়েল মিডিয়াই গ্লেমাৰ প্ৰদান কৰিছে বুলিও কব পাৰি ।
ড্ৰাগছ মদ আদি খাই পাৰ্টি কৰিছো বুলি দিয়া আপডেটবোৰে বা ফটো বোৰে বহুতকে আকৰ্ষিত
কৰে । তেনে আপডেটবোৰ দেখি আন কিছুমানৰ এনকুৱা ভাৱ হয় যেন মদ খাই মাতালামি কৰি ফটো
উঠি আপডেট দিয়াবোৰেহে যেন জীৱনটো উপভোগ কৰিছে আৰু আনহাতে বাকীবোৰে জীৱনটো কটাই আছে । এনেকুৱা
চিন্তাৰ উদ্ভাৱনৰ বাবে বহুতে আকৰ্ষিত হৈ নিচাসক্তিক গ্লেমাৰ প্ৰদান কৰিছে ।
চোছিয়েল মিডিয়াত প্ৰকাশিত বহুতো ভাল কথাৰো ভূল চিন্তন বা ব্যাখ্যানে বহুলোকক লাহে
লাহে বিপথে পৰিচালিত কৰিছে । ইয়াৰ উপৰি চোছিয়েল মিডিয়াই মানুহৰ গোপনীয়তা ভংগত
অৰিহণা যোগাইছে । বহুলোকে তেওলোকৰ ব্যাক্তিগত কথা বা নিজৰ কৰ্মৰত প্ৰতিষ্ঠানৰ
ৰাজহুৱাভাৱে চোছিয়েল মিডিয়াৰ দ্বাৰা সম্প্ৰচাৰন কৰে । যাৰ ফলত পিছলৈ বহুতো বিঘিনিৰ
সন্মুখিন হব লগীয়া হয় । চোছিয়েল মিডিয়াৰ আন এক মাৰাত্মক পাৰ্শ্বক্ৰিয়া হল চাইবাৰ
বদমাছী বা চাইবাৰ মষ্টি(Cyber bullying)। চাইবাৰ বদমাছীৰে দৰাচলতে এনেকুৱা কাৰ্য্যক সূচোৱা হয় যিবোৰৰ দ্বাৰা
তথ্য আৰু প্ৰযুক্তিৰে আন কোনো লোকৰ ক্ষতি কৰা বা নিৰ্য্যাতিত কৰা হয় । উদাহৰণ
স্বৰুপে, কোনো লোকৰ বিষয়ে মিছাকৈ চছিয়েল মিডিয়াৰ
জৰিয়তে কিছুমান তথ্য বা ফটো প্ৰচাৰ কৰি লোকজনক অতীষ্ঠ কৰা বা নিৰ্যাতন কৰা বা
মানহানি কৰা ইত্যাদি । আমেৰিকান আইনৰ সংজ্ঞামতে চাইবাৰ বুলিং হল ইন্টাৰনেট যোগে
কোনো লোকৰ মনত ঘৃণা ওপজাকৈ অপবাদ বা গছিপ প্ৰচাৰ কৰা । ভাৰততো সংজ্ঞাটো
ব্যাতিক্ৰমী নহয় । এই ধৰণৰ কাৰ্য্যকলাপৰ দ্বাৰা কিছুমানে স্ব-অভিমানত আঘাত পায়
নতুবা আত্ম গ্লানিত ভূগে । তেনেক্ষেত্ৰত কেতিয়াবা আত্মহত্যাৰ নিচিনা দুৰ্ঘটনা ঘটে
। চাইবাৰ বুলিংৰ বাবে আত্মহত্যা কৰা কেছ কেৱল ভাৰততে নহয়, গোটেই বিশ্বতে হোৱা দেখা যায় ।
ডিজিটেল এডিকচনৰ বাবে
লাহে লাহে মানুহে বহুতো প্ৰাকৃতিকবস্তুৰ আমেজ হেৰুৱাব ধৰিছে। বিশেষ ভাৱে সম্পৰ্কৰ
আত্মীয়তা, অনুৰাগ আদিৰ আমেজ মানুহে পাহৰিব ধৰিছে । পোনপটীয়াকৈ বা মুখামুখিকৈ নিজৰ
মনৰ ভাৱ প্ৰকাশ কৰাৰ আমেজ হেৰুৱাব ধৰিছে । অনলাইন মাৰ্কেটিংৰ আসক্তিয়ে বহুক্ষেত্ৰত
নলগা বা বেয়া কোৱোলিটিৰ বস্তুও কিনি ধন অপচয় কৰিছে । সংগী নিৰ্ধাৰণৰ ক্ষেত্ৰত
বহুতে ঠগ খাই জীৱনটো ব্যতিব্যাস্ত কৰি তুলিছে । পৰিয়ালৰ লগত অতিবাহিত কৰিবলৈ সময়ৰ
নাটনি হৈ পৰিছে । কম্পিউটাৰ বা ইন্টাৰনেটৰ দ্বাৰা সৃষ্টি হোৱা বিশেষ অপকাৰী ৰোগবোৰ
হল ডিপ্ৰেচন, এনজাইটি, ইন্টাৰনেট আসক্তি বা ডিজিটেল এডিকচন । ডিপ্ৰেচন বা বিষন্নতাত
ভূগা লোকৰ প্ৰধান লক্ষনবোৰ হল – ১) উদাস
আচাৰ ব্যাৱহাৰ, ২) উপভোগ্য বস্তুবোৰৰ প্ৰতি অনিহা, ৩) নিজকে দোষাৰোপ কৰা, আশাহীনতা অথবা জীৱনটো মুল্যহীন যোন অনুভৱ কৰা, ৪)
টোপনিৰ তাৰতম্য ঘটা- অতি বেছি বা অতি কম হোৱা , ৫) ভোক আৰু ওজনৰ তাৰতম্য ঘটা, ৬) অমনোযোগীতা, ৭) শক্তিহীনতা আৰু ভাগৰ লগা ৮) মাদকদ্ৰব্যৰ প্ৰতি
আকৃস্ট হোৱা ইত্যাদি । লক্ষনবোৰ কিছুক্ষেত্ৰত একে
হলেও বিষন্নতাত ভূগা পুৰুষ আৰু মহিলাই কৰা কামবোৰ বা ইচ্ছাবোৰৰ তাৰতম্য আছে ।
উদাহৰণ স্বৰুপে,
১) বিষন্নতাত ভূগা নাৰী সদায় দুখী হৈ থাকে আৰু জীৱনটো অৰ্থহীন বা
মুল্যহীন বুলি ভাবিবলৈ লয় । আনহাতে বিষন্নতাত ভূগা পুৰুষে খং , অহংকাৰ, খু-দুৱনী, মানসিক
অশান্তি আদি দেখুৱায় ।
২) বিষন্নতাত ভূগা নাৰীয়ে নিজকে বেছিকৈ দোষ দিয়া দেখা যায়, আনহাতে তেনেকুৱা পুৰুষে আনকহে বেছিকৈ দোষাৰোপ কৰা
দেখা যায় ।
৩) তেনদৰে ভূগি থকা নাৰীয়ে যিকোনো প্ৰকাৰে কাজিয়াক এৰাই চলিব বিছাৰে, কিন্ত তেনে পুৰুষে নিজেই কাজিয়াৰ সৃষ্টি কৰা দেখা
যায় ।
৪) স্নায়ুতন্ত্ৰ শিথিল হোৱা যেন অথবা সকলো কৰ্ম কৰাৰ গতি ধীৰ হৈ যোৱা
যেন অনুভৱ কৰে বিষন্নতাত ভূগা নাৰীয়ে, আনহাতে পুৰুষ আক্ৰামক আৰু আৰামহীন হৈ পৰে ।
৫) তেনে নাৰীয়ে নিজকে কিছুমান সীমাৰ মাজত আৱদ্ধ কৰি ৰাখে । আনহাতে
তেনে পুৰুষে নিজক নিয়ন্ত্ৰন কৰাত অক্ষম হৈ পৰে ।
৬) বিষন্নতাত ভূগা নাৰীয়ে বেছিকৈ খাদ্য, বন্ধু আদি বিছৰাৰ লগতে বিষন্নতা দুৰ কৰিবলৈ তথা
নিজক সন্তুষ্ট ৰাখিবলৈ যথেষ্ট মৰম বিছাৰে । আনহাতে তেনে ক্ষেত্ৰত পুৰুষে মদ্যপান, খেলাধুলা আদিৰে বিষন্নতা দুৰ কৰাৰ চেষ্টা কৰাৰ
উপৰিও যৌন আসক্তিৰে নিজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা দেখা যায় ।
ডিজিটেল উপকৰণৰ লগতে
ইন্টাৰনেটৰ সংযত ব্যাৱহাৰৰ সচেতনতাই ইয়াক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ উপায় যদিও ই
ইমানেই মনোগ্ৰাহী যে ইয়াক নিয়ন্ত্ৰন কৰাটো অতি সহজ নহয় । কেতিয়া ইয়াৰ কবলত পৰি
নিজৰ ততা পৰিয়ালৰ ক্ষতি সাধন কৰা হয় জনা নাযায় ।
যদি ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি কোনো শিশু অথবা যিকোনো বয়সৰে মানুহক
সন্দেহ কৰা হয় তেন্তে এনেধৰণৰ ৰোগীৰ চিকিতসাৰ বাবে ভাৰতৰ কিছুমান ঠাইত আৰাম্ভ কৰা কাউন্সেলিং চেন্টাৰ বোৰৰ নিচিনা অসমতো ডিজিটেল
এডিকচনৰ ক্লিনিক সহজলভ্য কৰাটো সমাজৰ উন্নতিৰ হকে এক ভাল পদক্ষেপ হব । তাৰোপৰি
চিকিতসালয় তথা বেচৰকাৰী অৰগেনাইজেচন বোৰে ইয়াৰ প্ৰতিৰোধ তথা সচেতনতাৰ বাবে
জনসজাগতা সভ পাতি জনসাধাৰণক ইয়াৰ সীমিত ব্যাৱহাৰৰ বিষয়ে জনাই উফকৃত কৰিব পাৰে ।
নহলে বেছিভাগ নব প্ৰজন্মই নিজৰ জীৱন গঢ়াৰ অমুল্য সময়বোৰ ইন্টাৰনেটৰ আমেজতে কটাব
আৰু কৰ্মচাৰী কিছুমানৰ ক্ষেতেৰতো ই ব্যাতিক্ৰম নহয় । বিষয়তোৰ গুৰুত্ব বুজি সীমিত
ভাৱে ডিজিটেল প্ৰকৰণ ব্যাৱহাৰ কৰি এই ধৰণৰ ৰোগৰ কৱলৰ পৰা দুৰত থাকি এখন সূস্থ সৱল
সমাজ গঢ়িবলৈ আহ্বান জনালো ।