Contact Form

Name

Email *

Message *

Friday, 30 October 2020

মহিলাৰ মানসিক স্বাস্থ্য আৰু সুম্পৰ্ক

মহিলাৰ মানসিক স্বাস্থ্য আৰু সুম্পৰ্ক

মানসিকভাবে সুস্বাস্থ্যৰ অধিকাৰী মহিলাৰ অবিহনে এখন সুস্থ সংসাৰ আৰু সূসমাজ গঢ়াটো অকল্পনীয় । মহিলাৰ মানসিকতা আৰু মানসিক স্বাস্থ্য সমাজৰ বাবে তথা সুসম্পৰ্কৰ বাবে অতি প্ৰয়োজনীয় বিষয়বস্তু । কাৰণ জাতিৰ বা দেশৰ ভবিষ্যত স্বৰূপ শিশুক সংস্কাৰ, শিক্ষা আদিৰে সূগঢ়িত কৰাৰ উপৰিও পৰিয়ালৰ প্ৰায় সকলোবোৰ সদস্যক দক্ষতাৰে কৰ্ম কৰিবলৈ উদগনি যোগাই মহিলাই লিংগ বৈষম্যক বিৰাম দি মহিলাৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিলেহে সমাজত নাৰী মৰ্য্যদাৰ উন্নতি তথা সম্পৰ্কবোৰৰো উন্নতি হব পাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ আকলন মতে ২০২০ চনলৈ বিষন্নতা বা হতাশা নামৰ ৰোগৰ বোজা পৃথিবীৰ আটাইবোৰ ৰোগৰ দ্বাৰা আক্ৰান্তৰ সংখ্যাৰ উৰ্ধত দ্বিতীয় সৰ্বোচ্ছ হবগৈ । অৰ্থাত পৃথিবীৰ প্ৰত্যেক তিনিজনী মহিলাৰ ভিতৰত এজনী মহিলা মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিকসাধাৰণতে আমাৰ সমাজত প্ৰচলিত ধাৰণা হল মানসিক ৰোগ মানেই মগজুৰ বিকৃতি অথবা পাগল আৰু ৰোগীজন সমাজৰ কোনো কামৰ কাৰণে উপযোগী নহয় । কিন্তু মানসিক ৰোগ সাধাৰণভাৱে নিৰূপণ কৰাটো সহজ বিষয় নহয় বা ইয়াৰ সিদ্ধান্তও অতি সহজে লব নোৱাৰি বহুতো মানুহে অৰ্থাত পুৰুষ, মহিলা অথবা শিশুই দৃষ্টিৰ অগোচৰে মানসিক বিষন্নতা বা হতাশাত ভূগে। চিকতসা নকৰা মানসিক বিষন্নতা বা আন কোনো মানসিক ৰোগৰ লক্ষন পুৰণি হোৱাৰ লগে লগে আন গুৰুতৰ মানসিক ৰোগলৈ ৰূপান্তৰিত হয় । এনেকুৱা মানসিক ৰোগী নিজে আত্মঘাতী হোৱাৰ সম্ভাৱনা থকাৰ উপৰিও ই সমাজৰ প্ৰতিতো দিশৰ প্ৰতি ভাবুকি স্বৰুপ। সঘনাই পৰিলক্ষিত হোৱা ঘটনাবোৰৰ পৰা জানিব পৰা যাই যে এই ধৰণৰ মহিলাৰ মানসিক স্বাস্থ্যৰ অৱনতিৰ প্ৰধান আৰু লক্ষনীয় কাৰণবোৰ হল পৰিবেশৰ চাপ, লিংগ বৈষম্য, গিৰিয়েকৰ অত্যাধিক মদ্যপান বা নিচাশক্তি, শিক্ষাৰ অভাৱ, খৰচ অনুযায়ী ধনৰ অভাৱ, ঘৰুৱা হিংসা, হীনমন্যতা ইত্যাদি। সমস্যাবোৰ উতপন্নকাৰী আৰু সুসম্পৰ্কৰ বিৰোধী মহিলাৰ এই মানসিক ৰোগৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি লিখনিটো যুগুতালো । 

মানসিক ৰোগবোৰৰ ভিতৰত অতি বহুলভাবে আক্ৰান্ত হোৱা ৰোগ হল মেনিক ডিপ্ৰেছিভ ডিচঅৰদাৰ অথবা ইয়াক বাইপোলাৰ ডিচঅৰডাৰ বুলিও কোৱা হয় এই ৰোগৰ লক্ষনবোৰ মাজে সময়েহে দেখা দিয়ে বাবে বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হোৱা লোকক প্ৰথমে মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি পৰা নাযায় । কিছুদিনলৈ লক্ষনবোৰ দেখিবলৈ পোৱা যায় যদিও পাছলৈ সাধাৰণভাৱে চলি থাকে আৰু হঠাতে কেতিয়াবা লক্ষনবোৰ দেখা দিয়ে । ইয়াৰ উপৰিও মহিলাসকলৰ থায়ৰইড গ্ৰন্থিৰ ৰোগ আৰু মাইগ্ৰেইন পেইনৰ সমস্যাও বেছিকৈ দেখা যায় বাইপোলাৰ ডিছঅৰডাৰ, থাইৰডৰ সমস্যা, মাইগ্ৰেইন পেইন আদিৰ দ্বাৰা গ্ৰস্থ মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে আৰু এই প্ৰভাৱে সম্পৰ্কও বিনষ্ট কৰে । সম্পৰ্ক বিনষ্ট হোৱা বাবে পৰিয়ালৰ সদস্যই মানসিক স্বাস্থ্যৰ বিষয়ে বুজিব নোৱাৰি হয়তো মহিলাৰ ওপৰত অত্যাচাৰ কৰে আৰু ফল স্বৰূপে মহিলাগৰাকী মানসিক ভাৱে আৰু অধিক ৰুগীয়া হৈ পৰে ।   

উদাহৰণ স্বৰূপে, কোনো এজনী মহিলাই সৰুৰে পৰাই অৰ্থাত ১২-১৩ বছৰ বয়সত সঘনাই অধিক কাজিয়া পেছাল হৈ থকা ঘৰুৱা পৰিবেশত ডাঙৰ হলে বা প্ৰয়োজনতকৈ অধিক বান্ধোনৰ মাজত ডাঙৰ দীঘল হলে মুড ডিছঅৰডাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হয় তাৰোপৰি ই আনুবংশিক ভাৱেও বহন কৰে । ইয়াৰ লক্ষন সমূহ হল খুৱ বেছিকৈ কথা কোৱা, অমনোযোগীতা, বিষন্নতা, হতাশা, খঙাল, নাভাবা-নিচিন্তাকৈ কামবোৰ কৰা ইত্যাদিৰ উপৰিও অতি বেছি মানসিক চাপ অনুভৱ কৰিেল আত্মহত্যাৰও চেষ্টা চলাব পাৰে । থাইৰডৰ সমস্যা থকা মহিলাসকলৰ শাৰিৰীক আৰু মানসিক দুয়োটা স্বাস্থ্যতে প্ৰভাৱ পৰে । ইয়াৰ লক্ষন সমূহ হল, হাইপো থাইৰোইডিজমৰ ক্ষেত্ৰত শৰীৰ ওজন বাঢ়া, প্ৰজনন শক্তি লোপ পোৱা, খঙাল হোৱা, সিদ্ধান্ত লোৱাত অসুবিধা পোৱা, বিষন্নতা ইত্যাদি আৰু হাইপাৰ থাইৰোইডিজমৰ ক্ষেত্ৰত শৰীৰৰ ওজন কমা, ডিঙিৰ বিষ বা ফুলা, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা, বিষন্নতা, অমনোযোগিতা ইত্যাদি । মাইগ্ৰেন পেইন থকা মহিলা সকলৰ মুৰৰ বিষ, কামৰ প্ৰতি অনিহা, অধিক মানসিক চাপ অনুভৱ কৰা, বিষন্নতা ইত্যাদি সাধাৰণ লক্ষন । ৰোগৰ দ্বাৰা সৃষ্টি কৰা অথচ সাধাৰণ লোকৰ চকুত ধৰা নিদিয়া এইবোৰ শাৰিৰীক আৰু মানসিক লক্ষনৰ ফলত বহুতো কাজিয়াৰ সৃষ্টি হৈ সংসাৰৰ অনেক সূসম্পৰ্ক নষ্ট হৈ যায় । বহুক্ষেত্ৰত ই ঘৰুৱা হিংসা, আত্মহনন, ইত্যাদিৰও ৰূপ লয় । বহুতে আকৌ সম্পৰ্ক শুধৰাবলৈ বেজ-ওজা ইত্যাদিৰ ওচৰলৈ যাই নিজৰ টকা পইচা অযথা খৰচ কৰে । এনেকুৱা সমস্যাৰ সন্মূখীন হলে তন্ত্ৰ-মন্ত্ৰৰ ওচৰ নাচাপি মনোবিজ্ঞানী অথবা মানসিক ৰোগৰ চিকিতসকৰ ওচৰলৈ যোৱাৰহে বিশেষ প্ৰয়োজন হয়লগতে সমাজতো এই বিষয়ে সজাগতা সৃষ্টি কৰা উচিত যে সকলোবোৰ মানসিক ৰোগীয়ে পাগল নহয় । মানসিকভাবে বিকৃত, ভাৰসাম্য হোৰোৱা অথবা চিন্তশক্তিয়ে কাম নকৰা লোককহে প্ৰকৃততে পাগল বুলি কোৱা হয় । মানসিক ভাৱে আক্ৰান্ত লোকক সহায়, সহানুভুতি আৰু চিকিতসাৰহে বিশেষ প্ৰয়োজন হয় ।         

প্ৰায় সকলোবোৰ ছোৱালীয়ে কোনোৱা এটা পৰিযালৰ বোৱাৰী হোৱাৰ পিছত মানসিক পৰিস্থিতিৰ যথেষ্ট পৰিবৰ্তন ঘটে । ঘৰুৱা পৰিবেশ, খাদ্যশৈলী, জীৱনশৈলী, আত্মীয়লোকৰ সলনি ইত্যাদিয়ে মনত বিশেষভাৱে প্ৰভাৱ পেলায়ইয়াৰ কিছুমান পৰিবৰ্তনৰ লগত মহিলাগৰাকীয়ে মিলি যায় অথবা সহ্য কৰে । মিলিব পাৰিলে সকলোবোৰ ঠিকে থাকে কিন্তু সহ্যকৰিবলগীয়া হলে এটা সময়ত সহ্যৰ সীমা অতিক্ৰম কৰিলে সম্পৰ্কত ফাট মেলিব পাৰে। তাৰোপৰি পুৰুষ জনেও আগতে কেতিয়াও বিয়া কৰাই সংসাৰ পতা নাই বা পৈনত নহোৱা বাবে মহিলা গৰাকীক বুজিবলৈও সক্ষম নহয় । যাৰ ফলত সম্পৰ্ক বেয়া হোৱাৰ প্ৰৱল আশংকাই দেখা দিয়ে । এনেকুৱা পৰিস্থিতিত যদি মহিলাগৰাকী বিভিন্ন কাৰকৰ বাবে মানসিকভাৱে অসুস্থ হয় তেন্তে কাজিয়াৰ সুত্ৰপাত নিশ্চয়কৈ হয় । এই কাজিয়াই সন্তানৰ ওপৰত প্ৰভাৱ পেলাই পিছলৈ ইয়াক আনুবংশিক ৰোগৰ দৰে কৰি তোলে । এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হলে পৰিবেশৰ প্ৰভাৱক মুখ্য কাৰক হিচাপে লৈ প্ৰথমে পৰিবেশৰ সালসলনি ঘটোৱা উচিত । ঘৰখনৰ পৰিবেশৰ কিবা এটা ভালৰ ফালে সংশোধন হলে সকলোৰে মনত আশাৰ ৰেঙনি জাগে। এই আশাৰ স্বাৰ্থতে ঘৰৰ প্ৰায় সকলোবোৰ সদস্যই ভাল কাম কৰিবলৈ আৰাম্ভ কৰাটো প্ৰয়োজনীয় ঘৰুৱা পৰিবেশৰ সংশোধন হোৱাৰ পাছতে আটাইবোৰ সদস্যই এটাই আনটোৰ ওপৰত বিশ্বাস কৰিব পাৰে আৰু আত্মবিশ্লেষণ কৰিবলৈ সূবিধা পায় । ঘৰুৱা পৰিবেশ, বিশ্বাস, আত্মবিশ্লেষণ ইত্যাদি মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে অতি প্ৰয়োজনীয় কাৰক । বহুতেই আকৌ ভবিষ্যতৰ বিষয়ে অতি চিন্তিত হৈ ঘৰুৱা পৰিবেশ বিনস্ত কৰে । শ্ৰীবৃদ্ধিৰ বাবে ভবিষ্যতৰ চিন্তা অনিবাৰ্য্য যদিও ইয়াক ইমানো প্ৰভাৱশালী কৰিব নালাগে যে ই লোকক মানসিকভাৱে অসুস্থ কৰি তোলে । ভবিষ্যতৰ বিষয়ে অধিক চিন্তাই আবেগ আৰু মনোযোগীতাত বাধাৰ সৃষ্টি কৰে । গতিক অমনোযোগী আৰু অধিক আবেগীক হলেও সম্পৰ্ক বেয়া হব পাৰেআনহাতে, অমনোযোগীতা আৰু অধিক আৱেগীক হোৱাটো মানসিক অসুস্থতাৰে লক্ষণ । আবেগক নিয়ন্ত্ৰিত কৰি ৰখাটো আৰু সম্পৰ্কৰ প্ৰতি মনোযোগী হোৱাটো ,প্ৰতিজন মানুহে নিজক মানসিকভাৱে সূস্থ কৰি ৰাখিবলৈ অতি প্ৰয়োজন । এইবোৰৰ প্ৰতি অনা সজাগতাই সম্পৰ্কক বহুক্ষেত্ৰত সুস্থ আৰু সবল কৰি ৰাখি জীৱন সফল কৰাত সহায়ক হব পাৰে        

মহিলাৰ শৰীৰৰ বিভিন্ন সময়ত ভিন্ন ধৰণৰ সালসলনি ঘটে । বিবাহৰ পিছতে নতুন পৰিবেশ, সন্তান জন্মৰ পিছত শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ তাৰতম্যৰ বাবেও সম্পৰ্কত যথেষ্ট প্ৰভাৱ পৰে । ইয়াৰ বিপৰীতে মহিলাৰ মানসিক স্বাস্থ্যৰ বাবেও শাৰীৰিক পৰিবৰ্তনও ঘটে মুড ডিছঅৰডাৰ, থাইৰোডিজম ইত্যাদিৰ বাবে সৃষ্টি হোৱা মানসিক অসুস্থতাৰ বাবে মহিলাই নিজৰ শৰীৰত অনবৰত বিভিন্ন ধৰণৰ বেমাৰ হৈ থকা যেন অনুভৱ কৰে । তাৰোপৰি শৰীৰৰ গঠন তথা ওজনতো প্ৰভাৱ পৰা বাবে বিষন্নতাত ভূগেটোপনিৰ ব্যাঘাত, ব্যাৱহাৰত ৰূক্ষতা আদি ইয়াৰ লক্ষণ হিচাপে দেখা দিয়ে যদিও বহুক্ষেত্ৰত এইবোৰ বুজিব নোৱাৰি বেছিভাগ লোক বিপথে পৰিচালিত হয় আৰু সম্পৰ্কৰ অনিষ্ট সাধে । মানসিক অসুস্থতাৰ ফলত মহিলাৰ সন্তনহীনতা আদিৰ লক্ষনেও দেখা দিয়ে যাৰ ফলত পৰিয়াল কেন্দ্ৰীক বেমেজালিৰ সৃষ্টি হয় । কিছুমানৰ ক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা ঘৰুৱা হিংসাৰ ফলতো মানসিক স্বাস্থ্যৰ অৱনতি ঘটে। স্বাস্থ্য সম্পৰ্কীয় এইবোৰ অন্তঃদন্ডৰ ফলশ্ৰুতিতে সৃষ্টি হয় বিৰূপ সম্পৰ্ক, বিবাহ বিচ্ছেদ আৰু আত্মহত্যা ইত্যাদিৰ । হত্যা বা আত্মহত্যাও বহুক্ষেত্ৰত মানসিক স্বাস্থ্যৰ অৱনতিৰে ফল । কিছুমানৰ যদিওবা এইবোৰ কাৰণত বিবাহ বিচ্ছেদ নহয় তথাপি মহিলাৰ মানসিক স্বাস্থ্যৰ ব্যাতিক্ৰমৰ ফলত নিজৰ সন্তানৰ উপৰিও পৰিয়ালৰ আটাইবোৰ সদস্যই ভুগিবলগীয়া হয় । আনকি ইয়াৰ প্ৰভাৱ বংশগতি ক্ৰমে সন্তানলৈ কঢ়িয়াই । সুসম্পৰ্কৰ বাবে যে কেৱল মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰতহে গুৰুত্ব দিব লাগে এনেকুৱা নহয় । পুৰুষৰ ক্ষেত্ৰতো কিছুমান পৃথক কৰি বাছি উলিয়াব নোৱাৰা মানসিক ৰোগ আছে যিয়ে সম্পৰ্ক বিনষ্ট কৰে । সাধাৰণতে যিবোৰ লক্ষনক আওকাণ কৰা হয় । মানসিক ভাৱে অসুস্থ লোকক সম্পুৰূপে অৰ্থাত ব্যৱহাৰিকভাৱে আৰু মানসিকভাৱে সহায় কৰিলেহে সুস্থ হোৱাৰ আশা কৰিব পাৰি কেৱল মাত্ৰ দৰৱ প্ৰয়োগৰ দ্বাৰা ইয়াক নিৰাময় কৰিব নোৱাৰি । যদি কোনো মহিলাৰ সাংসাৰিক সম্পৰ্ক বিনষ্ট হবলৈ ধৰে তেন্তে মহিলাগৰাকীৰ আবেগিক দিশ আৰু মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন । শৰীৰত বিভিন্ন ধৰণৰ হৰমনৰ সালসলনিৰ কাৰণেও মহিলাৰ ব্যাৱহাৰ আদিৰ সালসলনি ঘটিব পাৰে । থাইৰইডৰ সমস্যায়ে হওক অথবা মুড ডিছঅৰডাৰেই হওক মানসিক সূস্বাস্থ্যৰ বাবে পৰিবেশ, মৰম-চেনেহ, পৰিয়ালৰ সহানুভূতিৰ গুৰুত্ব অধিক । তাৰোপৰি লিংগবৈষম্য দুৰ কৰি মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ হলে বিষয়জ্ঞান আৰু জনসজাগতাৰ খুৱেই প্ৰয়োজন হয় । এনেকুৱা লক্ষন দৃষ্টিগোছৰ হোৱা মাত্ৰেই মানসিক চিকিতসকৰ লগত আলোচনা কৰিবলৈ অগ্ৰজ বা ঘৰৰ সচেতন লোকসকলে অৱহেলা কৰটো অনুচিত । কৰ্মব্যাস্ততা আৰু স্পষ্ট লক্ষন প্ৰকট নহোৱা বাবে ইয়াৰ আৰাম্ভনিতে চিকিতসা কৰা নহয় বাবে পিছলৈ ই গুৰুতৰ হৈ পৰেযাৰ ফলত মহিলাগৰাকী তেনেকুৱায়ে বুলি মন্তব্য কৰি অৱহেলা কৰা দেখা যায়

 সূসম্পৰ্ক বজাই ৰাখাৰ ক্ষেত্ৰত কেৱল মহিলায়ে উত্তৰদায়ী নহয় । ইয়াৰ বাবে পুৰুষসকলে সূস্থ ঘৰুৱা পৰিবেশ দিয়াৰ উপৰিও বংশগতিৰ মাধ্যমেৰেই হওক বা কিবা শাৰিৰীক পৰিবৰ্তনৰ ফলতেই হওক এনেকুৱা মানসিক বিপত্তি সৃষ্টি হোৱাৰ ফলত সম্পৰ্কত প্ৰভাৱ পৰিব ধৰিলে পুৰুষসকলে সহানুভুতিশীল হৈ বাস্তবিকতাক প্ৰাধান্য দি সমাধান কৰা উচিতনিজকে মহিলা গৰাকীৰ ঠাইত অনুভৱ কৰিহে কোনো পদক্ষেপ বা সিদ্ধান্ত লোৱা উচিত । এনেকুৱা পৰিস্থিতিত সাধাৰনতে মহিলাগৰাকী বিমুঢ় হৈ পৰে আৰু কোনো শুদ্ধ সিন্ধান্ত লব নোৱাৰে আৰু আপোনবোৰেও তেও কৰা কাৰ্য্যবোৰৰ বাবে সহানুভুতিশীল নহয় । গতিকে মহিলাসকলেও নিজৰ ব্যাৱহাৰৰ প্ৰতি অতি সংযত হোৱা উচিত । আগৰ নিজৰ ভাল ব্যাৱহাৰ বা লক্ষনবোৰ যেন শাৰিৰীক সমস্যা বা পৰিবেশৰ বাবে হেৰাই নাযাই অথবা আগৰ বেয়া অভ্যাসবোৰ যাতে ত্যাগ কৰি এক মধুৰ সম্পৰ্কৰ পৰিবেশ গঢ়িব পাৰে তাৰ বাবে ততপৰ হোৱা উচিত । কোনো মহিলা এইবোৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় কাৰকৰ দ্বাৰা গ্ৰস্ত হলে যে পৰিয়ালটোৰ বা সমাজখনৰ কোনো কামৰ বাবে যোগ্য হা নাতাকে এনেকুৱা নহয় । পৃথিবীত এনেকুৱা বহুতো বিখ্যাত ব্যাক্তিৰ উদাহৰণ আছে যিবোৰ এনেকুৱা মানসিক ৰোগৰ দ্বাৰা পিড়িত অথচ তেওলোকৰৰ সৃজনিশীল কাৰ্য্যই বিশ্বক বিমোহিত কৰিছে । গতিক সৰুৰে পৰা সন্তান এক সূস্থ পৰিবেশ দি ঘৰুৱা কাজিয়া-পেছালৰ পৰা দুৰত ৰাখি এনেধৰণৰ ৰোগ ব্যাধিৰ পৰা নিজৰ সন্তানক আতৰাই ৰখাটোহে পৰিয়ালৰ সকলোৰে উদ্দেশ্য হোৱা উচিত । যাতে ভবিষ্যতে এনেবোৰ সন্তানৰ সংসাৰতো সূখ শান্তিয়ে বিৰাজ কৰিব পাৰে । লগতে সম্পৰ্ক শুধৰিনৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যৰ দিশটোক অৱহেলা নকৰি ইয়াক সঠিক চিকিতসাৰ দ্বাৰা আৰোগ্য কৰি সুস্থ জীৱন যাপনেৰেহে মানৱ জীৱন সফল হব বুলি আশা কৰিব পাৰি । বিশ্ব স্বাস্থ্য সন্থাৰ আকলন যদি সচাকৈয়ে শুদ্ধ হবলগীয়া হয় তেন্তে মহিলাৰ মানসিক বিষন্নতা বা আন মানসিক ৰোগ সমাজৰ বাবে এক প্ৰত্যাহবান স্বৰুপ হৈ পৰিব । মানসিকভাৱে সূস্থ মহিলা অবিহনে এখন সূস্থ সমাজৰ অবাস্তব কল্পানাই সকলোকে বিপথে পৰিচালিত কৰিব । প্ৰতীক স্বৰুপে ডাইনীহত্যাৰ উদাহৰণেই ইয়াক প্ৰমান কৰিবলৈ যথেষ্ট ।     

                           



Neelpakhi- Assamese Poetry Book - free download